NORTHEAST NOW (Assamese)
অসম

‘ৰৈ ভৈ নাই ৰখোঁতা নাই!’ : ১০০ শিল্পীৰে সদল বলে যোগদান কৰিব কংগ্ৰেছত শিল্পী অজয় ফুকনে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 22, 2020 8:52 pm
‘ৰৈ ভৈ নাই ৰখোঁতা নাই!’ : ১০০ শিল্পীৰে সদল বলে যোগদান কৰিব কংগ্ৰেছত শিল্পী অজয় ফুকনে

শিল্পীৰ পৃথিৱীৰ পৰা ৰাজনীতিৰ সংকীৰ্ণ পথাৰখনলৈ সোঁত বলিছে অসমৰ অভিনেতা, গায়ক, সংগীত পৰিচালকৰ।

কা আন্দোলনৰ সময়ত বিজেপি ত্যাগ কৰি ৰাজপথৰ আন্দোলনত চামিল হোৱা ‘আৱেগিক অভিনেতা’ যতীন বৰা পুনৰ বিজেপিলৈ গমন কৰি যেন শিল্পীসকলক ৰাজনীতিৰ পথাৰত প্ৰৱেশৰ পথটো প্ৰশস্ত কৰি দিলে।

যতীন বৰাৰ পাছে পাছে বিজেপিত যোগদান কৰিলে কন্ঠশিল্পী বিদ্যাসাগৰ বৰা আৰু অভিনেত্ৰী আশা বৰদলৈয়ে।

এতিয়া কেনেকৈ থমকি ৰয় অন্যান্য শিল্পীসকল? নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত সংগীত পৰিচালক অজয় ফুকনে জনোৱা মতে তেওঁৰ লগতে কন্ঠশিল্পী অনুপম শইকীয়া, বাবু বৰুৱা, নেকিব হুছেইন, চন্দন কাকতিকে ধৰি প্ৰায় ১০০ গৰাকী শিল্পী-কলা কুশলীয়ে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে তেওঁলোকে CAA বিৰোধিতা কৰি প্ৰস্তুত কৰি উলিওৱা এটি গীত শুনাব কংগ্ৰেছৰ নেতৃত্বক।

ইয়াৰোপৰি, তেওঁলোকে কা বাতিল কৰাৰ দাবীসহ মুঠ ১০ দফীয়া দাবী চনদ দিহে কংগ্ৰেছত যোগদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

বিজেপি চৰকাৰে অসম আৰু অসমীয়াৰ ওপৰত কা আইন জাপি দি সমগ্ৰ জাতিটোক ধ্বংসৰ গৰাহলৈ থেলি দিয়াৰ গুৰুতৰ অভিযোগ তোলে অজয় ফুকনে।

ইপিনে, ৰাইজে বিচাৰিলে তেওঁ চাবুৱা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি ব্যক্ত কৰাৰ লগতে কন্ঠশিল্পী  বাবু বৰুৱাই পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াব বুলি তেওঁ সদৰী কৰে।

শিল্প ক্ষেত্ৰৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰলৈ গৈ কেনেদৰে জনসাধাৰণৰ সেৱাত নিয়োগ কৰে সেয়া নিশ্চয়কৈ ৰাইজে চকু ৰাখিব।