অবৈধ বাংলাদেশী ভিক্ষু: পুনৰ প্ৰতিবাদ মাৰ্ঘেৰিটাত, ৰাজপথত এ জে ৱাই চি পি
উজনি অসমৰ বৌদ্ধ মঠত ভিক্ষুৰ ৰূপত থকা সন্দেহযুক্ত বাংলাদেশীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আছুৰ পিছত আজি মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।
মাৰ্ঘেৰিটা বজাৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই কৰা উত্তাল প্ৰতিবাদৰ ফলত পথটোত যান জঁটৰ সৃষ্টি হয়।
প্ৰায় ডেৰ ঘণ্টাজুৰি হোৱা প্ৰতিবাদটোত পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপ, ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা, মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক প্ৰমুখ্যে কেইবাজনো নেতাই অংশগ্ৰহণ কৰে৷
লগতে পঢ়ক উজনি অসমৰ বৌদ্ধ বিহাৰসমূহত বৌদ্ধ ভিক্ষুৰ বেশত সন্দেহযুক্ত বাংলাদেশীয়ে বাহৰ পতাৰ গুৰুতৰ অভিযোগ
কেইদিন মানৰ পূৰ্বে ডিগবৈৰ এটা বৌদ্ধ বিহাৰৰ অধ্যক্ষ দীপাংকৰ নামৰ ভিক্ষুজন সন্দেহজনক নাগৰিক আৰু তেওঁ অবৈধ বাংলাদেশী বুলি আন এজন ভিক্ষুৱে তথ্যসহ ৰাজহুৱা অভিযোগ উত্থাপন কৰিছিল।
মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰৰ উক্ত ভিক্ষুজনে আৰ টি আইৰ তথ্যৰ সহায় লৈ এই কথা নিশ্চিত হোৱা বুলি দাবী কৰিছিল।
সংবাদমাধ্যমত উক্ত বাতৰি প্ৰকাশৰ পাছৰে পৰা দীপাংকৰ ভিক্ষু পলাতক আছে বুলি অভিযোগ উত্থাপিত হৈছে।
“লগতে মাৰ্ঘেৰিটাত সন্দেহযুক্ত বাংলাদেশীয়ে বিভিন্ন সময়ত নানান অসামাজিক কাৰ্য কৰা সত্ত্বেও কিন্তু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে আজি পৰ্যন্ত কোনো উচিত পদক্ষেপ গ্ৰহণ কৰাৰ নজিৰ নাই,” প্ৰতিবাদী নেতৃত্বই কয়৷
এইক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অধিক আন্দোলনৰ কাৰ্যসূচী হাতত লবলৈ বাধ্য হ’ব বুলি আজি প্ৰতিবাদ স্থলীৰ পৰাই হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷