NORTHEAST NOW (Assamese)

Sri Lanka protests: প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী বিক্ৰমসিংহেৰ বাসভৱন

July 10, 2022 10:34 am · এন ই নাও নিউজ, গুৱাহাটী

Sri Lanka protests শ্ৰীলংকাত প্ৰতিবাদকাৰী উন্মত্ত জনতাই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ বাসভৱন দখল কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহেই আৰু প্ৰশাসন চলাবলৈ সাহস কৰা নাই। শনিবাৰে তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। তেওঁ ঘোষণা কৰে যে তেওঁ শ্ৰীলংকাত সৰ্বদলীয় চৰকাৰ গঠনত সহায় কৰিবলৈ পদত্যাগ কৰিছে।

অৱশ্যে বিক্ষুব্ধ প্ৰতিবাদকাৰীসকলে সেই ঘোষণাবোৰত ভোল নগ’ল। শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰীৰ ঘৰটো জ্বলাই দিয়ে। মাত্ৰ কেইমাহমান পূৰ্বে ৰনিলৰ পূৰ্বসূৰী শ্ৰীলংকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ ঘৰটোও দেশখনৰ উন্মত্ত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল।

শনিবাৰে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ প্ৰাসাদত আক্ৰমণ কৰে। ৰাষ্ট্ৰপতিৰ প্ৰাসাদলৈ যোৱা প্ৰতিটো ৰাস্তা মানুহেৰে ঠাহ খাই পৰিছিল। কোনো নিৰাপত্তাৰক্ষীৰ ইয়াক চম্ভালিবলৈ ক্ষমতা নাছিল। আৰক্ষীয়ে বেৰিকেড স্থাপন কৰি, গুলীচালনা কৰিও শেষ ৰক্ষা কৰিব নোৱাৰিলে। তেওঁলোকক উপেক্ষা কৰি দেৱাল পাৰ হৈ দলে দলে প্ৰতিবাদকাৰী জনতা ৰাষ্ট্ৰপতিৰ প্ৰাসাদত প্ৰৱেশ কৰে।

মানুহবোৰে তেওঁৰ আচবাববোৰ দখল কৰে। শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় পতাকাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতিৰ হেলমেটলৈকে সকলোবোৰ কাঢ়ি লয়। ৰাষ্ট্ৰপতিৰ বাসগৃহৰ চুইমিং পুলত ইচ্ছাৰে সাঁতোৰে।

পৰিস্থিতিৰ এনে সম্ভাৱনা উপলব্ধি কৰি ৰাজাপাক্ষেই ইতিমধ্যে তেওঁৰ প্ৰাসাদৰ পৰা পলায়ন কৰিছিল। ৰাষ্ট্ৰপতিৰ অৱস্থা দেখি প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেই নিজকে যেন বিশ্বাস কৰিব পৰা নাছিল। খৰখেদাকৈ পদত্যাগ কৰাৰ ইচ্ছা ব্যক্ত কৰি তেওঁ টুইট কৰে।

কেৱল সেয়াই নহয়, প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰাৰ সময়ত আৰক্ষীৰ হাতত সংবাদ মাধ্যমৰ কৰ্মীও আঘাতপ্ৰাপ্ত হোৱাৰ খবৰৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰি কয়, “ৰনিল বিক্ৰমসিংহে প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰাৰ সময়ত নিৰাপত্তাবাহিনীৰ দ্বাৰা সাংবাদিকসকল আহত হোৱাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে। শ্ৰীলংকাত সংবাদ মাধ্যমৰ স্বাধীনতা সৰ্বাধিক গুৰুত্বপূৰ্ণ।‘’

অৱশ্যে জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী বিক্ৰমাসিংহেই পদত্যাগ কৰা ঘোষণাৰ এই টুইটবোৰ দ্বীপৰাষ্ট্ৰখনৰ বাসিন্দাসকলে কোনো গুৰুত্বই নিদিলে। দৰাচলতে তেওঁলোকে শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলায়। ৰনিল বিক্ৰমসিংহেৰ ঘৰত অগ্নিসংযোগ কৰে। উপস্থিত আৰক্ষী বাহিনী কাষত থিয় হৈ মাথো চাই ৰৈছিল, কিয়নো আগবাঢ়ি আহি উন্মত্ত জনতাক বাধা দিবলৈ তেওঁলোকৰ সাহস নাছিল।

Related News