NORTHEAST NOW (Assamese)

মাইক্ৰছফটৰ সৈতে চুক্তি, ভাৰতত পুনৰ উভতি আহিব পাৰে PUBG

November 11, 2020 11:04 am · এন ই নাও নিউজ

শেহতীয়াকৈ মাইক্ৰছফটৰ সৈতে PUBG ৰ প্ৰস্তুতকৰ্তা কোম্পানীয়ে এক চুক্তিত আৱদ্ধ হৈছে। ব্যৱহাৰকাৰীৰ গোপনীয় তথ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই চুক্তি কৰা হৈছে।

উল্লেখ্য বৰ্তমান কোনো মোবাইল ফোনতে উপলব্ধ হোৱা নাই  PUBG গেম।

PUBG কৰ্তৃপক্ষই  এই কথা প্ৰকাশ কৰিছে। PUBG কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি  মোবাইল লাইটতো  এই গেম উপলব্ধ নহ’ব।

এনে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হোৱাৰ বাবে কোম্পানীটোৱে দুখ প্ৰকাশ কৰিছিল।

কোম্পানীটোৱে প্ৰকাশ কৰা মতে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা হোৱা নাছিল।

সম্প্ৰতি চীনৰ  Tencent, কোম্পানীয়ে পৰিচালনা কৰি থকা  PUBG  এপটো ভাৰত চৰকাৰে তথ্য-প্ৰযুক্তি আইনৰ অধীনত  ৬৯ ক ধাৰাৰ অধীনত ২ ছেপ্তেম্বৰৰ পৰা নিষিদ্ধ কৰিছিল।

কিন্তু ইয়াৰ পিছতো বহু মোবাইল ফোনত এই এপটো সুন্দৰ ভাবে চলি আছিল। এতিয়াৰে পৰা  PUBG কোম্পানীয়ে মোবাইল ফোনত এই এপৰ  কাৰ্যকাৰীতা বন্ধ কৰি দিয়াৰ ফলত কোনেও এই এপত গেম খেলিব নোৱাৰিব।

কোম্পানীটোৱে প্ৰকাশ কৰা মতে শীঘ্ৰে চীনৰ Tencent কোম্পানীৰ সৈতে PUBG –এ চুক্তি বাতিল কৰিব আৰু ভাৰত চৰকাৰৰ  সৈতে নতুনকৈ চুক্তি কৰি ভাৰতত পুনৰ PUBG গেমৰ প্ৰচলন কৰিব বুলি প্ৰকাশ কৰিছে।

অৱশেষত মাইক্ৰছফটৰ সৈতে কৰা চুক্তিৰ বাবে ভাৰতত পুনৰ PUBG ৰ প্ৰচলন হোৱাৰ সম্ভাৱনা আছে।

Related News