NORTHEAST NOW (Assamese)

দহ হাজাৰ টকা ,হাঁহ নিদিয়াৰ বাবেই আৰক্ষীয়ে যুৱকক হত্যাৰ অভিযোগ! বটদ্ৰৱা থানা জ্বলালে ক্ষুদ্ধ জনতাই

May 21, 2022 5:52 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী
Updated: May 21, 2022 9:06 pm

বটদ্ৰৱা  আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।

এটা হাঁহ আৰু দহ হাজাৰ টকা নিদিয়াৰ বাবে বটদ্ৰৱা আৰক্ষীয়ে এজন মাছমৰীয়াৰ প্ৰাণ লোৱাৰ অভিযোগৰ পিছতে উত্তেজনা বিয়পি পৰে।

মৃত লোকজনৰ নাম ছালনাবড়ীৰ ছফিকুল ইছলাম। লোকজনক থানাৰ ভিতৰতে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

নিশা আটক কৰিছিল ছফিকুলক আৰু পুৱাৰ ভাগত এৰি দিয়াৰ কথা আছিল ছফিকুলক। পত্নীয়ে আৰক্ষীয়ে দাবী কৰাৰ পিছত কেৱল হাঁহটোহে দিব পাৰিলে বুলি জানিব পৰা গৈছে।

উত্তেজিত ৰাইজে থানাত অগ্নিসংযোগ কৰাৰ লগতে ভাঙি লণ্ডভণ্ড কৰিছে থানাৰ সামগ্ৰী।

ইতিমধ্যে জনতাৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত হৈছে কেইবাজনো আৰক্ষী ।

বৰ্তমান পৰ্যন্ত নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা নাই উত্তেজিত লোকসকলক। নগাঁৱৰ আৰক্ষী অধীক্ষকে প্ৰকাশ কৰা মতে থানা জ্বলাই দিয়া তিনি জন লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে ধন দাবী কৰা বুলি উঠা অভিযোগৰো সত্য-সত্যতা বিচাৰ কৰি চোৱা হ’ব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।

ইপিনে থানা আক্ৰমণৰ ঘটনাক গৰিহণা দিছে বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিৱামণি বৰাই। বৰাই এই ঘটনাত জৰিতসকলৰ উপযুক্ত শাস্তি দাবী কৰাৰ লগতে আৰক্ষীৰ জিম্মাত লোক এজনৰ কিদৰে মৃত্যু হ’ল তাৰো তদন্ত হ’ব লাগে বুলি মন্তব্য কৰিছে।

উত্তেজিত লোকসকলে থানাৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে কেইবাখনো বাহনো জ্বলাই দিয়াৰ খবৰ আহিছে।

Related News