NORTHEAST NOW (Assamese)

সুৰা ট্ৰেজেডিয়ে কঁপাইছে ৰাজ্য : কৃষ্ণাইৰ টুকুৰাত ৰাইজৰ চুলাই বিৰোধী অভিযান

February 26, 2019 6:41 am · নীলমণি শৰ্মা
কৃষ্ণাইৰ টুকুৰাত সোমবাৰে চুলাইৰ বিৰুদ্ধে ৰাইজৰ অভিযানত অংশগ্ৰহণ কৰে স্থানীয় মহিলায়ো। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যত ব্যাপক ৰূপত অব্যাহত আছে চুলাই বিৰোধী অভিযান ৷ আৰক্ষী, আবকাৰীৰ সমান্তৰালভাৱে ৰাইজেও স্বতঃস্ফূৰ্তভাৱে চুলাইৰ বিৰুদ্ধে অভিযান চলাবলৈ ওলাই আহিছে।

ইয়াৰ মাজতে এক ব্যতিক্ৰমী প্ৰয়াস দেখিবলৈ পোৱা গ’ল কৃষ্ণাইত। কৃষক মুক্তিৰ সহযোগত স্থানীয় মহিলা সকলে সোমবাৰে এক সমদল বাহিৰ কৰে আৰু চুলাই তৈয়াৰ কৰা বা বিক্ৰী কৰা ঘাটিয়ে ঘাটিয়ে গৈ ব্যৱসায়ীসকলক চুলাইৰ বিৰুদ্ধে বুজনি দিয়ে।

চুলাই মানুহৰ বাবে কিমান ভয়ংকৰ, তাৰ ওপৰত বিতংভাৱে প্ৰতিজন চুলাই প্ৰস্তুত কৰা লোকক ভালদৰেই বুজাই দিয়ে। অকল যে বুজাইছে তেনেকুৱা নহয়, প্ৰথমবাৰৰ বাবে সকীয়াই দি দ্বিতীয়বাৰ সেই চুলাই প্ৰস্তুত বা বিক্ৰী কৰিলে সকলো ঘাটি ভাঙি পেলোৱাৰো হুংকাৰও দিয়ে ৷

চুলাই বিৰুদ্ধে ওলোৱা এই সজাগতা অভিযানকাৰী সমদলৰ স্থানীয় ৰাইজক লগতে আৰক্ষীয়েও সহায় কৰিছে  ৷

আনহাতে, চুলাই খাই অহা পুৰুষসকলৰ বাবে নিশা ঘৰত শান্তিৰে থাকিব নোৱাৰা সকলো মহিলাই এই সমদলত অংশ গ্ৰহণ কৰে।

Related News