NORTHEAST NOW (Assamese)

স্বাস্থ্য মন্ত্ৰী মহোদয়! হাজাৰ হাজাৰ লোকৰ সমাগমৰে ৰাজনৈতিক সভা পাতিলে ক’ৰ’না নহয় নেকি?

October 29, 2020 7:18 pm · কল্পজ্যোতি শইকীয়া

কালি শদিয়া সমষ্টিত বিধায়ক বলিন চেতিয়াৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ দায়িত্বত থাকি দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সভা অনুষ্ঠিত কৰিলে। যিখন সভাত সমবেত হৈছিল প্ৰায় দুই-তিনি সহস্ৰাধিক লোক।

সেই সভাৰে এখন ফটো স্বাস্থ্য মন্ত্ৰীয়ে নিজৰ ফেইচবুক পেইজত আপলোড কৰিছিল। তাৰ পাছতে ফটোখন ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। সচেতন মহলৰ সকলোৱে স্বয়ং স্বাস্থ্য মন্ত্ৰীৰ এই কৰ্ম কাণ্ডক একেমুখে গৰিহনা দিয়া পৰিলক্ষিত হৈছে।

সকলো ৰাইজকে সামাজিক দুৰত্ব মানিবলৈ বা মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰি অহা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নিজেই উলংঘা কৰি আহিছে কোভিড গাইডলাইন। ইয়াক লৈয়ো প্ৰতিক্ৰিয়া হৈছে ছ’চিয়েল মিডিয়াত।

কৃষ্ণ ভুঞা নামৰ গুৱাহাটীত কৰ্মৰত মাজুলীৰ এগৰাকী যুৱ সাংবাদিকে উক্ত ফটোৰ সৈতে ফেইচবুকত লিখি কয় ‘এনেকৈ সভা পাতিলে কৰ’না নহয়, কিন্তু মাজুলীত ৰাস পাতিলেহে কৰোনা হয় ! যদি ৰাসৰ দৰে উৎসৱৰ ক্ষেত্ৰত ইমান কঠোৰ নীতি- নিয়ম তেন্তে ৰাজনৈতিক সভাৰ ক্ষেত্ৰত কিয় নহয় ?’

ইপিনে, ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কবি, নাট্যকৰ্মী তথা সাহিত্যিক হিমাংশু প্ৰসাদ দাসে।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত দাসে কয় ‘ক’ৰ’নাৰ সৈতে ৰাজনৈতিক দলসমূহৰ এক বেলেগধৰণৰ চুক্তি স্বাক্ষৰিত হৈ গৈছে। কিন্তু নাটক গান কৰা মানুহবিলাকে এই বুজাবুজি কৰিব নোৱাৰিলে। সেয়েহে নাটক গান কৰা মানুহবোৰৰ অনুষ্ঠানত ক’ৰ’না বিয়পাৰ সম্ভাৱনা অধিক।‘

‘যিবোৰ লোকে নিয়ম বনাই আছে তেওঁলোকে নিজেই নিয়ম ভংগ কৰি আছে। মোবাইলৰ ক’ৰ’না কলাৰ টিউন, টেলিভিছনৰ বিজ্ঞাপন এইবোৰ সকলো বন্ধ কৰি দিব লাগে। নিয়ম ভংগ কৰা লোকসকলে এনেদৰে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি বিজ্ঞাপন বনালে একো ফল নহ’ব।‘ দাসে আওপকীয়াকৈ স্বাস্থ্যমন্ত্ৰীক কটাক্ষ কৰি কয়।

ইপিনে, মন্ত্ৰীৰ ফটোৰ তলতো বহু ফ’ল’ৱাৰ্ছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

ৰেছমা য়াছমিনে কমেন্ট কৰি কয় ‘অনুগ্ৰহ কৰি আপুনি বৰ্ণনা কৰক কিয় মিটিং কৰিলে ক’ৰ’না নহয়, কিন্তু  বিদ্যালয়-মহাবিদ্যালয়লৈ গ’লে ক’ৰ’না হ’ব। আপুনি সদায় সামাজিক দুৰত্ব মানি চলিবলৈ কয় কিন্তু আপুনি নিজে মানি চলা নাই। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত খেলি আছে নেকি আপুনি?

দিক্ষিতা শইকীয়া নামৰ এগৰাকী ছাত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখি কয় ‘এতিয়া ক’ৰ’না ক’ত গ’ল মামা? কিমান মানুহক ঠগন নিদিয়ে আৰু? বাইকত দুজন মানুহ উঠিলে ক’ৰ’না হয় কিন্তু এতিয়া সামাজিক দুৰত্ব নমনাকৈ এইবোৰ কি হৈ আছে? কিহৰ নাটক এইবোৰ আপোনাৰ?

জ্যোতি জে. পি নামৰ ফেইচবুক ব্যৱহাৰকাৰীগৰাকীয়ে কমেন্টত লিখি কয় ‘ইয়াত covid19 ৰ নীতি নির্দেশ ক’ত গল। নিজে কৰিলে লীলা সাধাৰণ জনতাই কৰিলে কিলা।পেট্ৰলৰ ওপৰত লগোৱা ৫ টকা কোভিড টেক্স কেতিয়া আঁতৰাব।খোৱা খাদ্যৰ জুই চাই দাম।লক্ষ্যঃ কৰক মহাশয়।‘

এয়া মাথো এক উদাহৰণহে। এনেদৰে বহুতে সামাজিক দুৰত্ব ক’ত, ক’ৰ’না ক’ত পলাল বুলি মন্তব্যৰে ফটোখনৰ তলত উপচাই পেলাইছে।

Related News