NORTHEAST NOW (Assamese)
অসম

মিনিমাম বেলেন্সৰ নামত দুখীয়া গ্ৰাহকৰ পৰা ৰাজহুৱা খণ্ডৰ বেংকে এই বছৰ সংগ্ৰহ কৰিলে ১,৯৯৬.৪৬ কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2019 6:39 pm
Minimum Balance

এছ বি আইকে ধৰি দেশৰ ৰাজহুৱা খণ্ডৰ বেংকবোৰে একাউণ্টত নিম্নতম জমা ৰাখিব নোৱৰা দুখীয়া গ্ৰাহকৰ পৰা যোৱা ২০১৮-১৯ বৰ্ষটোত জৰিমনা হিচাপে সংগ্ৰহ কৰিছে ১,৯৯৬.৪৬ কোটি টকা।

এই তথ্য ২৫ নৱেম্বৰত সংসদৰ মজিয়াত ৰাজহুৱা কৰা হৈছে।

এই পৰিমাণ ২০১৬-১৭ বৰ্ষত আছিল ৭৯০.২২ কোটি টকা আৰু ২০১৭-১৮ বৰ্ষটোত আছিল ৩,৩৬৮.৪২ টকা।

কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে লোকসভাত দিয়া এটা লিখিত উত্তৰত এই তথ্যখিনি অৱগত কৰে।

উল্লেখ কৰিব পাৰি যে ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ পুঁজিপতিক বৃহৎ পৰিমাণৰ ঋণ ৰেহাইৰ পৰিৱৰ্তে নিম্নতম জমা বৰ্তাই ৰাখিব নোৱৰা দুখীয়া গ্ৰাহকৰ পৰা টকা চান কঢ়া এই নীতি ব্যাপক সমালোচনাৰ সন্মুখীন হৈ আহিছে।

২০১২ চনত এই নীতি বন্ধ কৰা এছ বি আয়ে ২০১৭ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা পুনৰ এই মাচুল প্ৰৱৰ্তন কৰিছিল। সমালোচনাৰ পিছত ৰাজহুৱা খণ্ডৰ বৃহত্তম বেংকটোৱে ২০১৭ চনৰ ১ অক্টোবৰৰ পৰা এই জৰিমনাৰ হাৰ হ্ৰাস কৰিছিল।

আনহাতে ঠাকুৰে জনাইছে যে বেংকবোৰে প্ৰধান মন্ত্ৰী জন ধন যোজনাৰ অধীনত খোলা একাউণ্টবোৰকে ধৰি বেছিক ছেভিংছ বেংক একাউণ্টবোৰক এই নীতিৰ বাহিৰত ৰাখিছে।

উত্তৰটোত এই কথাও জনা গৈছে যে ২০১৬ চনৰ মাৰ্চ পৰ্য্যন্ত ৫৭.৩ কোটি বেছিক ছেভিংছ একাউণ্ট খোলা হৈছে, যাৰ ভিতৰত ৩৫.২৭ কোটিটা হ’ল জন ধন একাউণ্ট।