NORTHEAST NOW (Assamese)
অৰুণাচল

চাংলাঙত নিৰাপত্তাৰক্ষীৰ অভিযানত এন এছ চি এন (আই এম)ৰ শিবিৰ উৎখাত

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ July 1, 2019 5:44 pm
NSCN Camp Destroyed

উজনি অসমৰ বিভিন্ন স্থানৰ লগতে অৰুণাচল প্ৰদেশত উগ্ৰপন্থীৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে। অৰুণাচল প্ৰদেশৰ চাংলাঙত দেওবাৰে নিষিদ্ধ ঘোষিত সংগঠন এন এছ চি এন (আই এম)ৰ এটা শিবিৰ নিৰাপত্তাৰক্ষীৰ দলে উৎখাত কৰাৰ বাতৰি লাভ কৰা গৈছে।

এক গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষী বাহিনীয়ে অৰুণাচল প্ৰদেশৰ চাংলাং আৰু টিৰাপ জিলাৰ সীমামূৰীয়া অৰণ্যত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ অভিযান চলাই এন এছ চি এন (আই এম)ৰ এটা অস্থায়ী শিবিৰ উৎখাত কৰিবলৈ সক্ষম হয়।

আনহাতে, সেনা আৰু আৰক্ষীয়ে যুতীয়াভাৱে চলোৱা অভিযানত চাংলাং জিলাৰ জংৰম আৰু লাইবং অঞ্চলৰ ঘন অৰণ্যত উগ্ৰপন্থী সংগঠনৰ শিৱিৰটো উৎখাত কৰাৰ সময়ত নিৰাপত্তাৰক্ষী বাহিনীয়ে উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা বাচন বৰ্তন, জোতা, পুৰণা কাপোৰ, পানী অনা পাত্ৰকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰ কৰি সেইবোৰ ভষ্মীভূত কৰে।

আমি লাভ কৰা তথ্য অনুসৰি উক্ত শিবিৰটো বিগত ফেব্ৰুৱাৰি মাহলৈ এন এছ চি এন (আই এম)ৰ ৩০-৪০ জনীয়া উগ্ৰপন্থীৰ দলে ব্যৱহাৰ কৰি আছিল।