NORTHEAST NOW (Assamese)

বেয়া খবৰ; চেতেশ্বৰ পুজাৰাৰ সৈতে চুক্তি বাতিল কৰিলে ইংলেণ্ডৰ এটা কাউণ্টি ক্লাবে

April 10, 2020 8:54 am · এন ই নাও নিউজ
Updated: April 10, 2020 8:57 am

বিশ্বত আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ বাবে ভাৰতীয় টেষ্ট দলৰ বেটছমেন চেতেশ্বৰ পুজাৰাৰ সৈতে থকা চুক্তি বাতিল কৰিলে ইংলেণ্ডৰ কাউণ্টি দল গ্লুষ্টাৰশ্বেয়াৰে।

১২ এপ্ৰিলৰ পৰা ২২ মে’লৈকে চুক্তিবদ্ধ হোৱা পুজাৰাই এই দলটোৰ হৈ ছয়খন চেম্পিয়নশ্বিপ মেচ খেলাৰ কথা আছিল।

এই সন্দৰ্ভত ক্লাবে কয়, ‍‘আমি ২০২০ ছিজনত চেতেশ্বৰ পুজাৰাৰ সুন্দৰ বেটিং দেখিবলৈ নাপাম। আপোনালোক অৱগত যে মে’ মাহলৈকে কোনো ক্ৰিকেট অনুষ্ঠিত নহয়। কোভিদ-১৯ৰ প্ৰভাৱ সমগ্ৰ দেশতে বৃদ্ধি পাবলৈ ধৰিছে’।

উল্লেখ্য যে কাউণ্টি চেম্পিয়নশ্বিপ ডিভিজন এক ক’ৰ’নাৰ বাবে স্থগিত কৰিব লগা হৈছিল। এই চেম্পিয়নশ্বিপখন ১২ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল।

পুজাৰাই ইয়াৰ পূৰ্বে ইংলেণ্ডত ডৰ্বিছায়াৰ, য়ৰ্কছায়াৰ আৰু নটিংহামছায়াৰৰ হৈ খেলিছিল।

ভাৰতীয় টেষ্ট দলৰ মুখ্য বেটছমেন পুজাৰা আগন্তুক কাউণ্টি ছিজনৰ বাবে যথেষ্ট উৎসাহী হৈ আছিল। কিন্তু এতিয়া মহামাৰী ক’ৰ’নাৰ বাবে চুক্তি বাতিল হোৱাত ৩২ বছৰীয়া বেটছমেনগৰাকীক কিছু অসন্তুষ্ট হৈ পৰিছে।

Related News