ট্ৰাম্পৰ সন্মুখত নতজানু ৱাশ্বিংটন পোষ্টৰ মালিক! কাৰ্টুন ছপা নকৰাত পদত্যাগ পুলিৎজাৰ বিজয়ী কাৰ্টুনিষ্টৰ
আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আগত আঁঠু লৈ বহি আছে ৱাশ্বিংটন পোষ্টৰ স্বত্বাধিকাৰী জেফ বেজোছে। তেওঁৰ লগত আছে আমেৰিকাৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকল। ৱাশ্বিংটন পোষ্টৰ পুলিৎজাৰ বিজয়ী কাৰ্টুনিষ্ট এন টেলনেছে শেহতীয়াকৈ আমেৰিকাৰ সাম্প্ৰতিক পৰিস্থিতি তুলি ধৰি এনে কাৰ্টুন আঁকিছিল। কিন্তু সেই ছবিখন বাতৰি কাকতত ছপা নোহোৱাৰ বাবে তেওঁ চাকৰি এৰি দিলে। এনে ঘটনাৰ বাবেই এই কাৰ্টুনিষ্টগৰাকী বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছে।
পুলিৎজাৰ বঁটা বিজয়ী কাৰ্টুন শিল্পী এন টেলনেছ সংবাদ জগতৰ এক উল্লেখযোগ্য নাম। বিশ্বৰ ডাঙৰ ডাঙৰ ব্যক্তিত্বক সমালোচনা কৰি অঁকা তেওঁৰ কাৰ্টুনসমূহে বিশ্বত অপৰিসীম প্ৰশংসা লাভ কৰিছে।
শেহতীয়াকৈ তেওঁ আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আগন্তুক কাৰ্যকালক উপহাস কৰি এটা কাৰ্টুন আঁকিছিল। য’ত ই-কমাৰ্চ কোম্পানী আমাজন আৰু ৱাশ্বিংটন পোষ্টৰ মিডিয়া মুৰব্বী জেফ বেজোছ আৰু অন্যান্য প্ৰভাৱশালী লোকক ড’নাল্ড ট্ৰাম্পৰ মূৰ্তিৰ সন্মুখত আঁঠু লৈ থকা দেখা যায়।
কিন্তু সেই কাৰ্টুনটো বাতৰি কাকতত ছপা কৰা নহ’ল। ইয়াতেই কাৰ্টুনিষ্টগৰাকীৰ বৰ ক্ষুব্ধ হৈ উঠিল। ইয়াৰ পিছত তেওঁ এই কাণ্ডক ‘সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে বিপজ্জনক’ বুলি অভিহিত কৰি চাকৰিৰ পৰা পদত্যাগ কৰে।
বিতৰ্কিত কাৰ্টুনটোত বেজোছক মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ, অ’পেন এআইৰ ছেম অল্টমেনৰ লগতে কাৰ্টুন চৰিত্ৰ মিকি মাউছৰ সৈতে দেখা গৈছে। অনুমান কৰা হৈছে যে ইয়াত মিকি মাউছৰ জৰিয়তে আন এটা আমেৰিকান সংবাদ মাধ্যম এবিচি নিউজক কটাক্ষ কৰা হৈছে। কাৰণ সংস্থাটোৱে শেহতীয়াকৈ ট্ৰাম্পৰ সৈতে মানহানিৰ গোচৰত ডেৰ কোটি ডলাৰৰ জৰিয়তে নিষ্পত্তি কৰিছে।
উল্লেখ্য যে ২০০৮ চনৰ পৰা টেলনেছে ৱাশ্বিংটন পোষ্টত কাম কৰি আহিছে। তেওঁ কয়, “শেহতীয়াকৈ মই জমা দিয়া কাৰ্টুনটোৰ সন্দৰ্ভত সম্পাদকীয় দলৰ ভিতৰত মতানৈক্য হৈছিল। কিন্তু কোনে কেনেদৰে চায় সেইকথা নাভাৱি, মই সদায় সত্যটো উপস্থাপন কৰি আহিছো। তাৰপিছত এনেকুৱা ঘটনা হ’লে মই তাত নথকাটোৱেই ভাল।”
মন কৰিবলগীয়া যে জেফ বেজোছে ৱাশ্বিংটন পোষ্ট ক্ৰয় কৰাৰ পিছত এই কাকতখনৰ নীতিত ডাঙৰ পৰিৱৰ্তন আনে। অভিযোগ অনুসৰি এইবাৰৰ আমেৰিকাৰ নিৰ্বাচনৰ আৰম্ভণিতে কমলা হেৰিছক সমৰ্থন কৰাৰ পথত আগবাঢ়িছিল যদিও ঢৌ বুজি পাই ট্ৰাম্পৰ পক্ষ লৈছিল। আনকি ড’নাল্ড ট্ৰাম্পৰ সমালোচনাও এৰাই চলি তেওঁক অভূতপূৰ্ব প্ৰশংসাৰে উপচাই দিয়ে। পক্ষপাতিত্বৰ এনে এক অভূতপূৰ্ব ঘটনাৰ পিছত, এইবাৰ শেহতীয়া ঘটনাত টেলনেছৰ পদত্যাগে এই কাকতখনৰ গ্ৰহণযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিলে।
প্ৰসংগক্ৰমে শেহতীয়াকৈ এই সংবাদ মাধ্যমত ভাৰত বিৰোধী কেইবাটাও বাতৰি প্ৰকাশ পাইছিল। দাবী কৰা হৈছে যে মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজ্জুৰ চৰকাৰ উৎখাত কৰাৰ উদ্দেশ্যে মালদ্বীপৰ বিৰোধী দলসমূহে ‘ৰ’’ এজেণ্টৰ সৈতে যোগাযোগ কৰিছিল। অৱশ্যে ভাৰতে সেই দাবী নাকচ কৰে।