NORTHEAST NOW (Assamese)
অসম

Crime in the City পুনেৰ “কিডনী বেপাৰী”ৰূপী চিকিৎসকক অসমত গ্ৰেপ্তাৰ; গতাই দিয়া হ’ল ডেৰাডুন আৰক্ষীক

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 14, 2021 1:26 pm
Doctor in Kidney rackat

Crime in the City দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুনেৰ এগৰাকী কিডনী ব্যৱসায় কৰা চিকিৎসকক। ডেৰাডুন আৰক্ষীৰ সহযোগত বেলতলা ছাৰ্ভেৰ পৰা গ্ৰেপ্তাৰ কৰা হয় চিকিৎসকজনক।

চিকিৎসক জনৰ নাম ডাঃ ৰিচাৰ্ড আব্ৰাহম লোৰেন্স ওৰফে অক্ষয় ৰাৱত ওৰফে ববী। গুৱাহাটীৰ এজাইল হস্পিতালৰ চাৰ্জাৰীত আছিল।

গুৱাহাটীৰ এগৰাকী যুৱতীক অপহৰণৰ অভিযোগ আছে ডাঃ ৰিচাৰ্ডৰ বিৰুদ্ধে। ডেৰাডুনতো চিকিৎসক জনৰ বিৰুদ্ধে কেইবাটাও গোচৰ ইতিমধ্যে ৰুজু হৈ আছে।

২০১৭ চনত কিডনী ৰেকেট চলোৱাৰ গোচৰ আছে চিকিৎসকজনৰ বিৰুদ্ধে। চাৰি বছৰ ধৰি পলাতক অৱস্থাত আছিল চিকিৎসকজন। চিকিৎসকজনৰ ভাতৃৰ লগতে পিতৃও আছিল চিকিৎসক।

Also Read: ভাৰতীয় ৰে’লৰ ‘সোণালী ৰথ’ত ভ্ৰমণৰ অভিলাষ আছে নেকি? চাই লওক কিমান ভাড়া!

ইতিমধ্যে কিডনী সৰবৰাহৰ লগত ভাৰতৰ বিভিন্ন স্থানৰ পৰা উত্তৰাখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৮ জনকৈ চিকিৎসকক।

অভিযোগ অনুসৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ দুখীয়া লোকক চাকৰিৰ প্ৰলোভন দি কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰাইছিল এই চক্ৰটোৱে।

ডুবাই, উমান আদিকে ধৰি কেইবাখনো ধনী ৰাষ্ট্ৰলৈ কিডনী সৰবৰাহ কৰিছিল এই চক্ৰটোৱে। ৩৫ লাখৰ পৰা এক কোটি টকাৰ বিনিময়ত এই চক্ৰটোৱে বিক্ৰী কৰি আহিছিল কিডনী।

Also Read: Manipur Ambush মণিপুৰৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ এম্বুশ্বত শ্বহীদ অসমৰ বাক্সা জিলাৰ সুমন স্বৰ্গীয়াৰী

জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা চিকিৎসকজনৰ আছে অগাধ সম্পত্তি। উত্তৰাখণ্ড, মহাৰাষ্ট্ৰকে ধৰি বিদেশৰ বিভিন্ন স্থানত আছে তেওঁৰ সম্পত্তি।

উত্তৰাখণ্ড আৰক্ষীয়ে চিকিৎসকজনক গ্ৰেপ্তাৰৰ বিনিময়ত ঘোষণা কৰিছিল ১০ হাজাৰ টকাৰ পুৰস্কাৰ। শনিবাৰে CJM আদালতত হাজিৰ কৰোৱাৰ পাছতেই ডেৰাডুন আৰক্ষীক গতাই দিয়া হয় ডাঃ ৰিচাৰ্ডক।