NORTHEAST NOW (Assamese)

নৃশংস! পৰপুৰুষৰে সম্পৰ্ক থকাৰ অভিযোগত বৌৱেকসহ দুই ভতিজাক হত্যা কৰি জ্বলাই দিয়াৰ অভিযোগ যুৱকৰ বিৰুদ্ধে

April 6, 2023 11:10 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 6, 2023 11:13 pm

মহাৰাষ্ট্ৰৰ পুনে চহৰত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। এগৰাকী ৩০ বছৰীয়া যুৱকৰ বিৰুদ্ধে উত্থাপিত হৈছে নিজৰ নবৌৱেক আৰু তেওঁৰ দুই সন্তানক ডিঙি চেপি হত্যা কৰাৰ লগতে পিছত আটাইকেইটা মৃতদেহত জুই লগাই দিয়াৰ অভিযোগ।

বুধবাৰে সন্ধিয়া পুনেৰ কোন্ধৱা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীয়ে পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্কত থকাৰ সন্দেহত ক্ষুব্ধ হৈ যুৱকগৰাকীয়ে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।

হত্যাকাণ্ডৰ অভিযোগত ইতিমধ্যে যুৱকগৰাকীক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ২০১ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি এগৰাকী স্থানীয় আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

কোন্ধৱা আৰক্ষী থানাৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে যুৱকগৰাকী আৰু মহিলাগৰাকীৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পেছত ক্ষোভিত যুৱকজনে মহিলাগৰাকীৰ লগতে তেওঁৰ ৪ আৰু ৬ বছৰীয়া সন্তান দুটাক ডিঙি চেপি হত্যা কৰে।

মৃতদেহ কেইটা নষ্ট কৰাৰ উদ্দেশ্যে বুধবাৰে নিশা প্ৰায় ৯ বজাত কোন্ধৱাৰ পিছ’লি অঞ্চলত থকা মহিলাগৰাকীৰ ঘৰৰ সন্মুখত বিচনা চাদৰ আৰু কাঠ ব্যৱহাৰ কৰি মৃতদেহ কেইটাত জুই লগাই দিয়ে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

ঘটনা সন্দৰ্ভত আৰু অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰখা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

Related News