NORTHEAST NOW (Assamese)

পঞ্জাৱ উপ-নিৰ্বাচনৰ ফলাফল: আম আদমী পাৰ্টীৰ হৰমীত সিং সন্ধুৰ জয়লাভ

November 14, 2025 8:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 14, 2025 5:42 pm

শুকুৰবাৰে পঞ্জাৱৰ টাৰ্ণ তৰণ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ভোটগণনাৰ শেষত আম আদমী পাৰ্টী (আপ)-ৰ প্ৰাৰ্থী হৰমীত সিং সন্ধুৱে ১২ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে

হৰমীত সিং সন্ধুৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আাগবঢ়াইছি শিৰোমণি আকালি দলৰ সুখৱিন্দৰ কৌৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰণবীৰ সিঙে।

এই টাৰ্ণ তৰণ আসনখন পূৰ্বে আপৰ বিধায়ক প্ৰয়াত কাশ্মীৰ সিং সোহালৰ নামত আছিল। যোৱা জুন মাহত সোহালৰ মৃত্যু হোৱাৰ পিছত আসনখন খালী হৈ পৰে, যাৰ ফলত উপ-নিৰ্বাচন অনুষ্ঠিত হয়।

জুলাই মাহত আপত যোগদান কৰা সন্ধুক দলটোৱে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে থিয় কৰাইছিল। উল্লেখ্য যে সন্ধুৱে পূৰ্বেও এই আসনৰ পৰা তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল২০০২ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে, আৰু ক্ৰমে ২০০৭ আৰু ২০১২ চনত শিৰোমণি আকালি দলৰ টিকটত।

Related News