NORTHEAST NOW (Assamese)

IPL thriller: শ্বাসৰুদ্ধকাৰী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক IPLৰ পৰা বিদায় দিলে পাঞ্জাৱ কিংছে

September 26, 2021 7:35 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 26, 2021 7:42 am

IPL thriller :এক শ্বাসৰুদ্ধকাৰী মেচত শনিবাৰে সন্ধিয়া ক্ৰিকেট অনুৰাগীৰ হৃদস্পন্দন বঢ়াই বাজীমাৎ কৰিলে পাঞ্জাৱ কিংছে। মেচৰ অন্তিমটো বললৈকে অব্যাহত থাকিল খেলৰ উত্তেজনা।

অৱশেষত পাঞ্জাৱ কিংছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৫ৰাণত পৰাজিত কৰি আইপিএল টুৰ্ণামেন্টৰ পৰা বিদায় প্ৰায় নিশ্চিত কৰিলে হায়দৰাবাদৰ।

শ্বাৰজালত এইটোৱে আছিল আটাইতকৈ সৰ্বনিম্ন স্ক’ৰ যিটো প্ৰতিপক্ষ দলে অতিক্ৰম কৰাত ব্যৰ্থ হয়।

অৱশ্যে হায়দৰাবাদৰ হৈ শেষলৈকে যুঁজখন ধৰি ৰাখিবলৈ চেষ্টা চলাইছিল জেছন হ’ল্ডাৰে। তদুপৰি, অ’পেনাৰ ঋদ্ধিমান সাহাইও কিছু খোপনি পুতিছিল যদিও তেওঁক যোগ্য সহযোগ দিয়াত ব্যৰ্থ হয় দলৰ আন খেলুৱৈ।

ৱাৰ্মাৰ আৰু উইলিয়ামছনে বিদায় লোৱাৰ পাছতে হায়দৰাবাদৰ ওপৰত চাপ বৃদ্ধি পাইছিল। দলটোৱে সেই চাপ অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল।

মেচখনত ২৪ৰাণত ৩টা উইকেট দখল কৰে ৰবি বিষ্ণ’ই। পাঞ্জাৱে খেলখনৰ পৰা দুটা মূল্যবান পইন্ট সংগ্ৰহ কৰিলে।

আনহাতে, পাঞ্জাৱৰ বেটিঙতো তেনে কোনো চমক দেখা যোৱা নাছিল। শ্ল’ উইকেটত ৰাণৰ গতি মন্থৰ আছিল। মাত্ৰ ১২৫ ৰাণতে কে এল ৰাহুলৰ পাঞ্জাৱ কিংছক বান্ধি ৰাখি হায়দৰাবাদে অনায়াসে জিকি যাব বুলি ধাৰণা কৰা হৈছিল।

হায়দৰাবাদৰ হৈ জেছন হল্ডাৰে ২৯টা বলত অপৰাজিত ৪৭ৰাণ কৰাৰ লগতে তিনিটা উইকেটো দখল কৰে। তদুপৰি, সন্দীপ আৰু ৰছিদে সুন্দৰ মিতব্যয়ী বলিং কৰে।

অৱশেষত ৫ৰাণত পৰাজিত হৈ ছানৰাইজাৰ্ছ হায়দৰাবাদ পইন্ট তালিকাৰ তললৈ অৱনমিত হৈ পৰিল। কাৰ্যত আইপিএলৰ পৰা বিদায়ৰ বাট প্ৰশস্ত হ’ল হায়দৰাবাদৰ।

Related News