NORTHEAST NOW (Assamese)

নিৰ্বাচন আয়োগে স্থগিত ৰাখিলে পঞ্জাৱৰ বিধানসভা নিৰ্বাচন, ২০ ফেব্ৰুৱাৰীত হ’ব ভোটগ্ৰহণ

January 17, 2022 3:08 pm · এন ই নাও নিউজ, গুৱাহাটী

১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচন সাময়িক ভাৱে স্থগিত ৰাখিছে নিৰ্বাচন আয়োগে।

নতুন সময়সূচী অনুসৰি এতিয়া ৰাজ্যখনত ১৪ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২০ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

গুৰু ৰবিদাস জয়ন্তীৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভা নিৰ্বাচন স্থগিত ৰখাৰ বাবে পঞ্জাৱৰ ৰাজনৈতিক দল আৰু নেতাসকলে আহ্বান জনাইছিল।

এই বিষয়ে আলোচনা কৰিবলৈ আজি এখন বৈঠকত ভাগ লোৱাৰ পিছত নিৰ্বাচন আয়োগে নিৰ্বাচন পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে নিৰ্বাচন আয়োগলৈ এখন পত্ৰৰ জৰিয়তে গুৰু ৰবিদাস জয়ন্তীত ১৪ ফেব্ৰুৱাৰীৰ বিধানসভা নিৰ্বাচন কমেও ছয় দিন পিছুৱাব লাগে বুলি পৰামৰ্শ দিছিল।

Related News