NORTHEAST NOW (Assamese)

জনপ্ৰিয় পাঞ্জাৱী গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা

May 29, 2022 8:34 pm · এন ই নাও নিউজ,গুৱাহাটী

পঞ্জাৱৰ জনপ্ৰিয় গায়ক তথা কংগ্ৰেছ নেতা শুভদীপ সিং সিদ্ধু মুছেৱালাক অচিনাক্ত দুৰ্বৃত্তই আজি গুলীয়াই হত্যা কৰে।

সাতাইশ বছৰীয়া গায়কজনক মানছাৰ নিকটৱৰ্তী ঝাৱাহৰ কে নামৰ গাঁৱৰ এটা মন্দিৰৰ ওচৰত গুলীয়াই হত্যা কৰে।
দুৰ্বৃত্তই গায়কজনক লক্ষ্যকৰি কমেও ১০ জাঁই গুলী চলায়।

গুলীবিদ্ধ গায়কগৰাকীক মানছাৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

পঞ্জাৱ চৰকাৰে গায়কগৰাকীৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ এদিন পিছতেই তেওঁ দুৰ্বৃত্তৰ নৃশংস আক্ৰমণৰ বলি হয়।

মুছেৱালাৰ মৃত্যু খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয়ত অগণন লোকে ভিৰ কৰে। সমবেত লোকসকলে পঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়া পৰিলক্ষিত হয়।

বহু চুপাৰহিট গানৰ স্ৰষ্টা মুছেৱালাই মানছাৰ পৰা কংগ্ৰেছৰ টিকটত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ ৬৩,৩২৩ টা ভোটৰ ব্যৱধানত আপৰ প্ৰাৰ্থী ড০ বিজয় চিংলাৰ হাতত পৰাজিত হৈছিল।

 

Related News