NORTHEAST NOW (Assamese)

৫ নৱেম্বৰৰ পৰা পুস্কৰণ মেলা ; ২৫১ টকাতে গুৱাহাটীৰ ঐতিহ্যপূৰ্ণ ঠাইসমূহ পৰিদৰ্শন কৰিব পাৰিব

October 28, 2019 8:36 am · এন ই নাও নিউজ

অহা ৫ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ মহানগৰীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ’ব পুস্কৰণ মেলা। ইতিমধ্যে পূৰ্ণ গতিত চলিছে মেলাৰ প্ৰস্তুতিৰ কাম-কাজ।

দেওবাৰে অৰ্থাৎ ২৭ অক্টোবৰত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুয়ে মেলাস্থলীত উপস্থিত হৈ মেলাৰ প্ৰস্তুতিৰ বুজ লয়।

স্নান ঘাট, শৌচাগাৰ, খোৱাপানী আৰু স্বচ্ছতাৰ ক্ষেত্ৰত কেনেদৰে কাম আগবাঢ়িছে তাক পৰিদৰ্শন কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ আৰু জিলা উপায়ুক্তগৰাকীয়ে।

আনহাতে এই পুস্কৰণ মেলাৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক পৰিবহণ নিগমে এক নতুন বাছ সেৱা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

এই বাছ সেৱাৰ জৰিয়তে ২৫১ টকাতে ভক্তসকলে গুৱাহাটীৰ ঐতিহ্যপূৰ্ণ ঠাইসমূহ পৰিদৰ্শন কৰিব পাৰিব। যাত্ৰীসকলক স্থানসমূহৰ বিষয়ে জনাবলৈ বাছত থাকিব গাইড।

দেওবাৰে এই বাছত উঠি সম্পূৰ্ণ ব্যৱস্থাৰ বুজ লয় অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু কামৰূপ মহানগৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

Related News