NORTHEAST NOW (Assamese)
অসম

ইটালীৰ প্ৰধানমন্ত্ৰীক ক’লে পুটিনে-এতিয়াই নহয় যুদ্ধবিৰতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2022 7:20 pm
Italy PM and Putin

ৰাছিয়া এতিয়াই যুদ্ধবিৰতিৰ বাবে সাজু নহয়।ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিৰ সৈতে হোৱা টেলিফোনিক বৰ্তালাপত এই কথা জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে।  

বৃহস্পতিবাৰে এখন সংবাদমেলত ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে। দ্ৰাঘিয়ে কয় যে ইউক্ৰেইনত যুদ্ধবিৰতি ঘোষণা কৰাৰ দৰে পৰিস্থিতিৰ বাবে চৰ্ত এতিয়াও পূৰণ হোৱা নাই।

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশনা অমান্য; কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ

বাতৰি অনুসৰি, পুটিনে ইটালীৰ প্ৰধানমন্ত্ৰী গৰাকীক কয় যে ইউৰোপৰ সংস্থাসমূহৰ সৈতে ৰাছিয়াৰ গেছ বিক্ৰীৰ চুক্তি কাৰ্যকৰী হৈ থাকিব। তেওঁলোকে ৰাছিয়াৰ মুদ্ৰা ৰুবেলৰ সলনি ইউৰো বা ডলাৰত আদায় দিব পাৰবি।

উল্লেখ্য যে বিগত সপ্তাহত পুটিনে ইউৰোপৰ দেশসমূহক গেছৰ মূল্য ৰুবেলত পৰিশোধ কৰিব লাগিব বুলি সকীয়াই দিছিল।

যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল। যুদ্ধই ইতিমধ্যে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে বহু জনহানি আৰু লাখ লাখ লোকক গৃহহীন কৰিছে।

লগতে পঢ়ক: ১৭ জুলাইত চিকিৎসা বিজ্ঞানৰ নামভৰ্তিৰ (NEET UG) প্ৰৱেশ পৰীক্ষা; ২ এপ্ৰিলৰ পৰা আৰম্ভ পঞ্জীয়ণ

যুদ্ধৰ মাজতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধবিৰতিকলৈ কেইবাবাৰো আলোচনাত বহিছে। যোৱা মঙলবাৰে দুইপক্ষই শেষবাৰৰ বাবে আলোচনাত বহে। উক্ত আলোচনাতে ৰাছিয়াই কীয়েভৰ চৌপাশে সামৰিক অভিযান ব্যাপকভাৱে হ্ৰাস কৰাৰ কথা কৈছে। অৱশ্যে সেয়া যুদ্ধবিৰতি নহয় বুলিও স্পষ্ট কৰি দিছে ৰাছিয়াই।