NORTHEAST NOW (Assamese)

প্ৰাক্তন প্ৰেমিকাৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ গোপন সম্পৰ্কৰ তথ্য ফাদিল!

October 9, 2020 11:11 am · এন ই নাও নিউজ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে তেওঁৰ ব্যক্তিগত জীৱন কেতিয়াও ৰাজহুৱা কৰিবলৈ নিবিচাৰে। কিন্তু ফুল ফুলিলেতো গোন্ধ ওলাবই।

যোৱা বছৰ জুনত বান্ধৱী এলিনা কাবায়েভাই দুটি যমজ সন্তানৰ মাতৃ হোৱাৰ খৱৰ ওলাইছিল।

বাতৰি অনুসৰি, সেই তেতিয়াৰে পৰাই বান্ধৱীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আহিছে পুটিনে।

তেওঁৰ প্ৰাক্তন প্ৰেমিকা বান্ধৱী ৰাছিয়াৰ এগৰাকী শ্ৰেষ্ঠ জিমনাষ্ট আৰু অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী খেলুৱৈ।

যোৱা বছৰ জুন মাহত এখন বিশেষ ক্লিনিকত এলিনাই যমজ সন্তানৰ মাতৃ হোৱাৰ খৱৰ আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

তেতিয়াৰে পৰা বিবাহপাশত আৱদ্ধ নহ’লেও এলিনাৰ সৈতে  পুটিনে নিয়মীয়াকৈ সম্পৰ্ক ৰক্ষা কৰাৰ কথা পোহৰলৈ আহিছে।

পুটিনৰ ৩৭বছৰীয়া এই বান্ধৱীগৰাকীক ২০১৮ৰ পৰা ৰাজহুৱা স্থানত দেখা যোৱা নাই। মাত্ৰ দুমাহৰ অন্ত:সত্ত্বা থকাৰ সময়তে এলিনাই তেওঁৰ সন্তানৰ পিতৃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন বুলি ঘোষণা কৰিছিল।

কিন্তু তেওঁলোকৰ যমজ সন্তানৰ খৱৰ দেশখনৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত তাক প্ৰত্যাহাৰো কৰা হয়।

স্থানীয় সংবাদ মাধ্যমে অৱশ্যে তেওঁলোকৰ যোগাযোগৰ গোপন পৰিক্ৰমাৰ সম্ভেদ দিবলৈ পাহৰা নাই।

দুয়োজনৰে সমাজৰ পৰা নিজকে ইচ্ছাকৃতভাৱে লুকাই ৰখাৰ সিদ্ধান্তক অৱশ্যে সন্মান জনাইছে তেওঁলোকৰ বন্ধু তথা অনুৰাগীসকলে।

Related News