NORTHEAST NOW (Assamese)

প্ৰয়োজন মাত্ৰ এখন নগ্ন ছবিৰ ! ইউৰোপৰ বিৰুদ্ধে নতুন অস্ত্ৰ পুটিনৰ 

March 4, 2024 4:53 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: March 4, 2024 5:27 pm

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পশ্চিমীয়া দেশৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে নতুন অস্ত্ৰ । তেওঁৰ ইউৰোপ বিৰোধী অভিযানত নতুন অস্ত্ৰ হৈ পৰিছে কৃত্ৰিম বুদ্ধিমত্তা আৰু যৌনতা । তেওঁ পশ্চিমীয়া সমাজখনক অস্থিৰ কৰিব বিচাৰিছে এই দুই অস্ত্ৰৰে।  এই কথা দাবী কৰিছে অধ্যাপিকা নীনা জাংকোভিচে। 

তেওঁ কয় যে ৰাছিয়াই ইয়াৰ পূৰ্বেও শত্ৰুৰ বিৰুদ্ধে ‘AI deepfake pornography’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ দাবী কৰে যে ৰাছিয়াই পশ্চিমীয়া সমাজ ধ্বংস কৰিবলৈ ভুৱা পৰ্ণগ্ৰাফী ব্যৱহাৰ কৰিছে। বিশৃংখলতা সৃষ্টি কৰিবলৈ তেওঁলোকক মাত্ৰ এখন নগ্ন ফটো লাগে বুলিও তেওঁ কয়।

নীনা জাংকোভিচে দ্য ছান কাকতক জনোৱা মতে, ইয়াৰ পূৰ্বে জৰ্জিয়া আৰু ইউক্ৰেইনত মহিলা ৰাজনীতিবিদৰ ডিপফেক পৰ্ণ বিয়পাইছে ৰাছিয়াই ।  

উল্লেখ্য যে সাত বছৰ পূৰ্বে ইউক্ৰেইনৰ সাংসদ স্বেটলানা জালিছচুক ৰাছিয়াৰ ডিপফেক পৰ্ণৰ বলি হৈছিল। 

নীনাৰ মতে, ডিপফেকে ক্ষমতাৰ ভাৰসাম্য বিঘ্নিত কৰিবলৈ আৰু গণতন্ত্ৰক ক্ষতিগ্ৰস্ত কৰিবলৈ পৰ্ণগ্ৰাফী ব্যৱহাৰ কৰিছে যদিহে ৰাছিয়াই। তেওঁ কয়, “মহিলাসকলক লক্ষ্য কৰি লোৱাটো এই কামৰ এক উত্তম উপায়।

তেওঁ কয়, “আমি বৰ্তমান এনে এটা যুগত বাস কৰি আছো য’ত মাত্ৰ এখন ফটোৰে বাস্তৱিক ডিপফেক ভিডিঅ’ বনাব পাৰি।” এই ভিডিঅ’ যদি কৌশলগতভাৱে ব্যৱহাৰ কৰা হয় তেন্তে সামাজিক দুৰ্বলতা আৰু নাৰীবিদ্বেষক কেন্দ্ৰ কৰি সমাজত নৈতিক সংকটৰ সৃষ্টি হ’ব পাৰে। দীৰ্ঘদিন ধৰি ৰাছিয়াই এই কৌশল ব্যৱহাৰ কৰি আহিছে।

নীনাই কয়, “যদি আপুনি কোনো উচ্চ পদস্থ সামৰিক বিষয়া বা কোনো ৰাজনৈতিক নেতাক অপসাৰণ কৰিব বিচাৰে তেন্তে তেওঁৰ বিশ্বাসযোগ্যতা ধ্বংস কৰাটোৱেই আটাইতকৈ উত্তম উপায়। আৰু এই ক্ষেত্ৰত ডিপফেকৰ বিশাল সম্ভাৱনা আছে। 

ৰাছিয়াৰ চাইবাৰ অপৰাধীয়ে সম্ভৱতঃ পুটিনৰ নিৰ্দেশত পোনপটীয়াকৈ এনে ছবি, ভিডিঅ’ আৰু অন্যান্য সামগ্ৰী সৃষ্টি কৰিছে। আগতেও ৰাছিয়াৰ বিৰোধীৰ বিৰুদ্ধে এই ধৰণৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকে হয় চাইবাৰ অপৰাধীসকলক পোনপটীয়াকৈ নিযুক্তি দিয়ে, অথবা তেওঁলোকৰ সৈতে চুক্তি কৰে। এই চুক্তি অনুসৰি অপৰাধীয়ে ক্ৰেমলিনৰ কাম কৰিলে জেলৰ বাহিৰত থাকিব পাৰে।

Related News