NORTHEAST NOW (Assamese)

দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৭ বছৰৰ ভিতৰত নিম্ন

February 29, 2020 2:24 pm · এন ই নাও নিউজ
নিৰ্মলা সীতাৰমণ ফাইল ফটো।

চলিত বিত্তীয় বৰ্ষৰ তৃতীয়টো ত্ৰৈমাসিক কালত (অক্টোবৰ-ডিচেম্বৰ) দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰে ৭ বছৰৰ ভিতৰত নিম্ন পৰ্য্যায়লৈ গতি কৰিছে।

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্য্যালয়ে ২৮ ফেব্ৰুৱাৰিত প্ৰকাশ কৰা তথ্যত এই সময়ছোৱাত উন্নয়নৰ হাৰ মাত্ৰ ৪.৭ শতাংশ বুলি কোৱা হৈছে। যোৱাটো ত্ৰৈমাসিকত (জুলাই-ছেপ্টেম্বৰ) এই হাৰ আছিল ৫.১ শতাংশ।

আনহাতে যোৱা বছৰ এই সময়ছোৱাত (অক্টোবৰ-ডিচেম্বৰ) বিকাশৰ হাৰ আছিল ৫.৬ শতাংশ।

পৰিসংখ্যামতে, দেশৰ মূল উৎপাদন খণ্ডবোৰত ক্ৰমাগতভাৱে বিকাশৰ হাৰ হ্ৰাস পাই অহা দেখা গৈছে। আনহাতে বিদ্যুৎ, গেছ, পানী যোগান খণ্ডৰ গ্ৰছ ভেলু এডেড বিকাশৰ হাৰ ০.৭ শতাংশলৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অলপতে কৈছিল যে দেশৰ অৰ্থনীতি সংকটত পৰা নাই আৰু দেশ এতিয়াও ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দিশত আগ বাঢ়ি আছে।

কেন্দ্ৰীয় বাজেট দাখিলৰ সময়ত সীতাৰমণে ২০২১ বিত্তীয় বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ হাৰ নিম্নতম ১০ শতাংশ প্ৰক্ষেপ কৰিছিল।

প্ৰকাশ পোৱা আন এটা তথ্যত কোৱা হৈছে যে ৮টা মূল উদ্যোগৰ (বিদ্যুৎ, ষ্টীল, শোধনাগাৰৰ উৎপাদন, খাৰুৱা তেল, চিমেণ্ট, প্ৰাকৃতিক গেছ আৰু ৰাসায়নিক সাৰ) বাৰ্ষিক বিকাশৰ হাৰ ২.২ শতাংশ বুলি কোৱা হৈছে।

Related News