NORTHEAST NOW (Assamese)

খালী ষ্টেডিয়ামৰ বাবে আই পি এলৰ গৌৰৱ কমি নাযায় : ভি ভি এছ লক্ষ্মণ

August 24, 2020 10:06 pm · এন ই নাও নিউজ

মহামাৰী ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে বিনা দৰ্শকেৰে অনুষ্ঠিত কৰিবলৈ লোৱা আই পি এলে ক্ৰিকেটৰ গৌৰৱ হ্ৰাস নকৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটিং মেণ্টৰ ভি ভি এছ লক্ষ্মণে।

ক’ৰ’নাৰ সংহাৰৰ বাবে বিশ্বৰ সবাটোকৈ বৃহৎ টি-২০ লীগখন ভাৰতৰ বিপৰীতে অহা ১৯ চেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে য়ু এ ইৰ ডুবাই, আবু ধাবী আৰু শ্বাৰজাহত অনুষ্ঠিত হ’ব।

ছানৰাইজাৰ্ছ হায়দৰাবাদে মুকলি কৰা এটা ভিডিঅ’ত লক্ষ্মণে কয়, ‍‘মই সকলো ক্ৰীড়া প্ৰেমীককে আশ্বস্ত কৰিব বিচাৰিছো যে ষ্টেডিয়ামত দৰ্শকৰ অবিহনেও প্ৰতিযোগিতাখনৰ আনন্দ উপভোগ কৰিব পাৰিব’।

তেওঁ লগতে কয় যে বিনা দৰ্শকেৰে খেল চলিলে ক্ৰিকেটৰ মান কোনো গুণে কমি নাযায়।

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে আন প্ৰসংগ উল্লেখ কৰি কয়, ‍‘সম্ভৱত পিটছ কেইখন অলপ মন্থৰ গতিৰ হ’ব পাৰে যদিও আমি ইয়াৰ বাবে কিছু অপেক্ষা কৰিব লাগিব’।

উল্লেখ্য যে ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰ ভাৰতীয় খেলুৱৈসকল দেওবাৰে ডুবাইত উপস্থিত হ’ব।

Related News