NORTHEAST NOW (Assamese)

প্ৰশ্ন কাকত ফাদিল: টীয়কত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ বিভিন্ন সংগঠনৰ

September 24, 2020 6:34 pm · নিৰ্মলেন্দু পাঠক

আৰক্ষীৰ  উপ পৰিদৰ্শক পদৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো আজি বিভিন্ন সংগঠনে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

টীয়ক আঞ্চলিক ছাত্ৰ সন্থা ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চুতীয়া জাতি ছাত্ৰ সন্থাৰ সহযোগত আজি বিয়লি টীয়কত প্ৰতিবাদ সাব্যস্ত কৰে ।

জাতি মাটিৰ ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী গৰাকীক কঠোৰ সমালোচনা কৰে আটাইকেইটা দল সংগঠনে।

লগতে অতি সোনকালে নিবনুৱাক দিয়া  প্ৰতিশ্ৰুতিসমূহ পুৰণ কৰিবলৈ দাবী  জনায় অন্যথা ইয়াৰ প্ৰতিফল অহা বিধানসভা নিৰ্বাচনত নিশ্চয় অসমৰ ৰাইজে দিব বুলি হুংকাৰ প্ৰদান কৰে।

উল্লেখ্য নিবনুৱাৰ জীৱনকলৈ হেতালি খেলা একাংশ লোক এতিয়া বিজেপি দলৰে নেতা বুলি প্ৰচাৰ হোৱাৰ কথাই বহুতকে উত্তেজিত কৰি তুলিছে।

অৱশ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত বিজেপিৰ নেতা-কৰ্মী জৰিত থাকিলেও ব্যৱস্থা গ্ৰহণ কৰা হব বুলি কথা দিছে।

আজি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি দাসে কয় ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যি ব্যৱস্থা লৈছে তাত আমি সন্তোষ প্ৰকাশ কৰিছো। আৰক্ষী তথা গৃহ বিভাগক আহ্বান জনাইছো যিসকল এই প্ৰশ্নকাকত ফাদিলৰ সৈতে জৰিত সেইসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে।‘

ইপিনে, এই কাৰ্যত কোনোবা যদি বিজেপিৰ কাৰ্য্যকৰ্তা জৰিত থাকে তেওঁকহে প্ৰথমে গ্ৰেপ্তাৰ কৰিব লাগে বুলি উল্লেখ কৰে ৰঞ্জিত দাসে।

Related News