NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামত ৰাসৰ প্ৰস্তুতি তুংগত; এইবাৰৰ বিশেষ আকৰ্ষণ ল’ৰা ৰাস

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা November 7, 2019 4:52 pm

ৰাসলীলা উৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, ৰাজ্যজুৰি চলিছে ৰাসৰ ব্যাপক প্ৰস্তুতি৷ ব্যতিক্ৰম নহয় নগাঁৱৰ পুৰণিগুদামো। পুৰণিগুদামৰ বিভিন্ন স্থানৰ লগতে চাৰিআলি বাৰোৱাৰী ৰাস উৎসৱ সমিতিৰ উদ্যোগতো দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাস উৎসৱৰ।

তাৰে উপলক্ষে পুৰণিগুদামৰ পথাৰৰ আগ চাৰিআলিৰ সমীপত থকা প্ৰাৰ্থমিক বিদ্যালয়খনত চলিছে ৰাস অভিনয়ৰ আখৰা। খোল, তাল, বাঁহিৰ অমিয়া মাতৰ তালে তালে কৃষ্ণ আৰু গোপীৰ গীত-নৃত্যই মুখৰিত কৰি তুলিছে অঞ্চলটোৰ চৌপাশ।

ওচৰ চুবুৰীয়া প্ৰায় ৭/৮ খনকৈ গাঁৱৰ কণ কণ শিশু, যুৱক-যুৱতী, মহিলা, স্থানীয় শিল্পী কলাকুশলী একত্ৰিত হৈ শংখচূড় বধৰ শেষ আখৰাত ব্যস্ত হৈ পৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে আকৰ্ষণীয় বুলি খ্যাত ল’ৰা ৰাস। ইতিমধ্য বৃহত্তৰ অঞ্চলটোৰ একাংশ যুৱকে আন এক সুকীয়া স্থানত চলাই নিছে ৰাসৰ অন্তিম অখৰা।