NORTHEAST NOW (Assamese)
ক্ৰীড়া

যেন অৱসান এটা যুগৰ! টেনিছৰ পৰা অৱসৰ ঘোষণা কিংবদন্তি খেলুৱৈ ৰাফেল নাডালৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 11, 2024 2:02 pm

টেনিছৰ পৰা বিদায় ল’লে বিশ্ব বিখ্যাত খেলুৱৈ ৰাফেল নাডালে। মহাসপ্তমীৰ বিয়লি স্পেনিছ তাৰকাগৰাকীয়ে পেছাদাৰী টেনিছৰ যাত্ৰা শেষ হোৱা বুলি ঘোষণা কৰে।

নৱেম্বৰ মাহত ডেভিছ কাপ খেলাৰ পিছত টেনিছৰ পৰা বিদায় ল’ব টেনিছ সম্ৰাটগৰাকীয়ে।

বৃহস্পতিবাৰে নাডালে নিজৰ ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া ভিডিঅ’ পোষ্ট কৰে। সেই ভিডিঅ’টোত নাডালৰ কেৰিয়াৰৰ বিভিন্ন মুহূৰ্ত সম্পৰ্কে বৰ্ণনা কৰে।

স্পেনিছ তাৰকাগৰাকীয়ে কয় যে এইবাৰ টেনিছৰ পৰা অৱসৰ লৈছো। যোৱা দুবছৰ মোৰ বাবে সঁচাকৈয়ে কঠিন হৈ পৰিছে। অৱসৰ লোৱাৰ সিদ্ধান্ত লোৱাটোও আছিল অতি কঠিন। কিন্তু বহুদিন চিন্তা কৰি এই সিদ্ধান্ত লৈছো। জীৱনৰ সকলো বস্তুৰে এটা আৰম্ভণি থাকে আৰু এটা শেষ থাকে।