NORTHEAST NOW (Assamese)
অসম

চীনৰ ওপৰত তীক্ষ্ণ দৃষ্টি; সীমান্তত উত্তেজনাৰ মাজতেই লাডাখত উৰিল ৰাফেল যুদ্ধবিমান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 21, 2020 11:29 am
EiYxKHbXsAAviJT

ভাৰত আৰু চীনৰ মাজত সীমান্ত চলি থকা উত্তেজনাৰ মাজতে লাডাখ সীমান্তৰ আকাশমাৰ্গত ৰাফেল বিমান উৰুৱালে ভাৰতীয় বায়ুসেনাই।

বাতৰি অনুসৰি, দেওবাৰে সন্ধিয়া আম্বালা এয়াৰবেছৰ পৰা লাডাখলৈকে ৰাওনা হয় ৰাফেল যুদ্ধবিমান।

লাডাখ সীমান্তৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখাৰ উদ্দেশ্যেই ৰাফেল ব্যৱহাৰ কৰা বুলি অনুমান কৰা হৈছে।

আনকি সোমবাৰে পুৱাও লাডাখ আৰু লে’ৰ আকাশমাৰ্গত ৰাফেল যুদ্ধবিমান উৰি থকা দেখা গৈছে।

এপিনে সীমান্তত সেনা বাহিনী সষ্টম হৈ তীক্ষ্ণ দৃষ্টি ৰখাৰ সমান্তৰালকৈ বায়ুসেনায়ো চীনৰ ওপৰত চকু ৰাখিছে।

ইয়াৰ পূৰ্বে মিগ-২১, তেজছকে ধৰি একাধিক যুদ্ধবিমানৰ দ্বাৰা আকাশমাৰ্গৰ পৰা ভাৰতে লাডাখৰ পৰিস্থিতি নিৰীক্ষণ কৰিছে।

ৰাফেল যুদ্ধবিমান বায়ুসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হোৱাৰ দহদিন পাছতে এই বিমানক কামত ব্যৱহাৰ কৰা হৈছে।

ভাৰতীয় সেনাই চীনৰ প্ৰতিটো অৱস্থানৰ ওপৰত দৃষ্টি ৰাখি তেওঁলোকৰ পৰিকল্পনাত আউল লগাইছে।

পূৰ্বৰ দৰে এইবাৰ চীনে ভাৰতক সহজভাৱে লোৱাৰ ভুল নকৰাটোৱেই স্বাভাৱিক।

দুয়োখন দেশে ইতিমধ্যে আলোচনাৰ জৰিয়তে সীমান্তৰ উত্তেজনা হ্ৰাস কৰাৰ কথা উনুকিয়াই আহিছে যদিও চীনৰ মুখৰ কথা বিশ্বাস কৰিবলৈ টান।

সেয়েহে, ভাৰতে সীমান্তৰ পৰিস্থিতি সম্পূৰ্ণ নিৰীক্ষণত ৰাখিবলৈ সেনাবাহিনীক তৎপৰ কৰি তুলিছে।