NORTHEAST NOW (Assamese)

ৰেফেল কেলেংকাৰি, পে’ট্ৰপণ্যৰ দৈনিক মূল্যবৃদ্ধি: বিশ্বনাথত তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ

September 15, 2018 4:11 pm · কাজি জেইদুল ইছলাম
Updated: October 3, 2018 1:07 pm

ফ্ৰান্সৰ পৰা ৰেফেল যুদ্ধ বিমান ক্ৰয়ত কেলেংকাৰি আৰু পে’ট্ৰল-ডিজেলৰ দৈনন্দিন মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে বিশ্বনাথত ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ কৰে কংগ্ৰেছে।

কংগ্ৰেছে জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

চাওক ৰিপুন বৰাই ৰাজহুৱা কৰা বিশ্বনাথৰ প্ৰতিবাদৰ Video:

https://www.facebook.com/ripun.bora.73/videos/2793188300906666/

‘অচ্ছে দিনৰ সপোন দেখুওৱা মোদী চৰকাৰ হুঁছিয়াৰ’, ‘ৰেফেল বিমান কেলেংকাৰিৰ তদন্ত লাগে’, ‘পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক’ আদি শ্ল’গানেৰে উপা্যুক্তৰ কাৰ্য্যালয় উত্তাল কৰি তোলে বিশ্বনাথ জিলা কংগ্ৰেছৰ আহ্বানত ওলাই অহা ৩ শতাধিক প্ৰতিবাদকাৰীয়ে।

কংগ্ৰেছৰ বিশ্বনাথ জিলা কাৰ্যালয়ৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰে পদযাত্ৰা কৰি জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

Related News