NORTHEAST NOW (Assamese)

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ ৰাহুল গান্ধী, অভিষেক বেনাৰ্জীকে ধৰি বহু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ

September 19, 2025 6:25 pm · এন ই নাও নিউজ, গুৱাহাটী

জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে।

তেওঁ সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰত লিখিছে – “জুবিন গাৰ্গৰ বিয়োগ এক ভয়ংকৰ ট্ৰেজেডী। তেওঁৰ কণ্ঠই এটা প্ৰজন্মক সংজ্ঞায়িত কৰিছিল, তেওঁৰ প্ৰতিভা সঁচাকৈয়ে অতুলনীয় আছিল। ব্যক্তিগত ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি তেওঁ অসমীয়া সংগীতৰ প্ৰকৃতিক নতুন ৰূপ দিছিল। তেওঁৰ অধ্যৱসায় আৰু সাহসে চিৰস্থায়ী চিন ৰাখি থৈ গৈছে। তেওঁ আমাৰ হৃদয় আৰু মনত চিৰদিন জীয়াই থাকিব।

ইয়াৰ উপৰিও তৃণমূল কংগ্ৰেছৰ সাংসদ অভিশেষ বেনাৰ্জীয়ে শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত লিখিছে – “বিৰল প্ৰতিভাৰ শিল্পী; তেওঁৰ সংগীতে সীমা, ভাষা আৰু প্ৰজন্মক অতিক্ৰম কৰি সুৰ আৰু আৱেগৰ সূতাৰে মানুহক একেলগ কৰিছিল।

আজি আমি এই অপূৰণীয় ক্ষতিৰ শোক প্ৰকাশ কৰাৰ লগতে কালজয়ী গীতৰ মাজেৰে জীয়াই থাকিব পৰা এজন শিল্পীৰ উত্তৰাধিকাৰক উদযাপন কৰিছো।

তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী, আৰু অগণন অনুৰাগীলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।

তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।”

Related News