NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড ভেকচিন সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ, কি ক’লে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 7, 2021 4:07 pm

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে কয় যে ক’ভিড-১৯ ভেকচিনেচন সকলো বয়সৰ লোককে প্ৰদান কৰিব লাগে।

এটা টুইটযোগে তেওঁ কয় যে এটা নিৰাপদ জীৱনৰ সুযোগ লাভ কৰাটো সকলো ভাৰতীয়ৰ প্ৰাপ্য।

কেন্দ্ৰীয় স্বাস্থ্য সচিবই ৰাজেশ ভূষণে মঙলবাৰে কৈছিল যে ক’ভিড ভেকচিন যিসকলে বিচাৰিছে, তেওঁলোকক নহয়, যিসকলে ভেকচিন গ্ৰহণ কৰাটো প্ৰয়োজন, তেওঁলোককহে ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ লক্ষ্য হৈছে।

তাৰপাছতে কংগ্ৰেছ নেতাগৰাকীয়ে এই টুইট কৰিছে।

আনহাতে, মঙলবাৰে ভাৰতীয় চিকিৎসা সংস্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ কৰিছে যে ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোককে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ক’ভিড ভেকচিন সম্পৰ্কে এনেধৰণেই নিজৰ অভিমত ব্যক্ত কৰিছে।