NORTHEAST NOW (Assamese)
দেশ

কিমান সম্পদশালী ৰাহুল গান্ধী! শপতনামাত দাখিল কৰিলে তথ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 4, 2024 1:08 pm
Rahul Gandhi's Assets

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বুধবাৰে কেৰালাৰ ৱায়ানাড সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে নিৰ্বাচন আয়োগৰ ওচৰত মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰিছে সম্পত্তিৰ তথ্য।

শপতনামাত উল্লেখ কৰা তথ্য অনুসৰি ৰাহুল গান্ধীৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০ কোটি টকাৰো অধিক। গান্ধীয়ে সদৰী কৰা মতে তেওঁৰ হাতত থকা নগদ ধনৰ পৰিমাণ ৫৫ হাজাৰ টকা। আনহাতে বেংক একাউণ্টত জমা আছে ২৬ লাখ ২৫ হাজাৰ টকা।

তদুপৰি কংগ্ৰেছ নেতাগৰাকীয়ে শ্বেয়াৰ বজাৰতো বিনিয়োগ কৰিছে। তথ্য অনুসৰি শ্বেয়াৰ বজাৰত ৪.৩ কোটি টকা বিনিয়োগ কৰিছে ৰাহুল গান্ধীয়ে। সমান্তৰালভাৱে তেওঁ মিউচুৱেল ফাণ্ডতো মুঠ ৩.৮১ কোটি টকা বিনিয়োগ কৰিছে। ৰাষ্ট্ৰীয় সঞ্চয় আঁচনি, ডাক সঞ্চয় আঁচনি, বীমা পলিচি আদি বিভিন্ন চৰকাৰী আঁচনিত ৬১.৫২ লাখ টকা ৰাখিছে।

গান্ধীৰ নামত আছে ১৫.২১ লাখ টকাৰ সোণৰ বণ্ড। তেওঁৰ হাতত আছে ৪.২ লাখ টকাৰ গহনা। ইফালে ৪৯.৭ লাখ টকাৰ ঋণ তেওঁৰ নামত থকা বুলি গান্ধীয়ে শপতনামাত সদৰী কৰিছে। ৰাহুল গান্ধীৰ শপতনামা অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাহুল গান্ধীৰ আয় আছিল ১ কোটি ২ লাখ ৭৮ হাজাৰ ৬৮০ টকা।

এইদৰে শপতনামাত ৰাহুল গান্ধীয়ে উল্লেখ কৰা তথ্য অনুসৰি তেওঁৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১১.১৪ কোটি টকা আৰু অ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৯.২৪ কোটি টকা। অৰ্থাৎ প্ৰায় ২০.৩৮ কোটি টকাৰ সম্পত্তিৰ গৰাকী কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

উল্লেখ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত দাখিল কৰা তথ্য অনুসৰি সেইসময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১৫ কোটি টকা। অৰ্থাৎ গত ৫ বছৰত গান্ধীৰ সম্পত্তিৰ পৰিমাণ ৫ কোটি টকা বৃদ্ধি পাইছে।

লক্ষণীয়ভাৱে ইমান সম্পত্তিৰ গৰাকী হ’লেও গান্ধীৰ নিজৰ নামত নাই এখনো বাহন। লগতে কোনো আৱাসিক ভৱনো নিজৰ নামত নাই বুলি ৰাহুল গান্ধীয়ে শপতনামাত উল্লেখ কৰিছে।