NORTHEAST NOW (Assamese)
Popular Stories

মই মাহ ধৰি কৈ অহা কথা আজি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ক’লে : ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 26, 2020 12:32 pm
Rahul Promise

ৰিজাৰ্ভ বেংকৰ এটা মন্তব্যক কেন্দ্ৰ কৰি বিজপিৰ বিৰুদ্ধে পুনৰ এবাৰ সৰৱ হৈ পৰিছে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী।

ৰাহুলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কয় যে মাহৰ পিছত মাহ ধৰি মই যি কথা কৈ আহিছিলো সেই একেই কথা এতিয়া আৰ বি আইয়ে ক’ব ধৰিছে।

ইয়াৰ উপৰি ভাৰতৰ অৰ্থনীতি সুস্থিৰ তথা ঠিক কৰিবলৈও বিজেপি চৰকাৰক পৰামৰ্শ প্ৰদান কৰে ৰাহুলে।

ৰাহুলে টুইটাৰত এটা বাতৰি শ্বেয়াৰ কৰিছে, য’ত ৰিজাৰ্ভ বেংকৰ এটা মন্তব্য আছে। মন্তব্যটো কৈছে যে বৰ্তমান সামগ্ৰীৰ ব্যৱহাৰত ব্যাপক প্ৰভাৱ পৰিছে, সেয়ে অৰ্থনীতি পুনৰুদ্ধাৰত কিছু সময় লাগিব।

অৰ্থনীতিৰ গতি ৰুদ্ধ হোৱাৰ বাবে দেশৰ দুখীয়া লোকসকল সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা বুলি আৰ বি আইয়ে লগতে প্ৰকাশ কৰে।

এই বাতৰিটো শ্বেয়াৰ কৰি ৰাহুলে কয়, ‍‘যিটো কথা মই মাহ ধৰি কৈ আহিছিলো সেই কথা আজি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সত্য প্ৰমাণিত কৰিলে’।

ইয়াৰ উপৰি ৰাহুলে চৰকাৰক পৰামৰ্শ প্ৰদান কৰি কয় যে চৰকাৰে লোন দিয়াৰ পৰিৱৰ্তে খৰচ বৃদ্ধি কৰাৰহে প্ৰয়োজন।

চৰকাৰে উদ্যোগপতি সকলৰ কৰ কম কৰাৰ বিপৰীতে দুখীয়া সকলক টকা প্ৰদান কৰিব লাগে বুলিও পৰামৰ্শ প্ৰদান কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীয়ে নিবনুৱা সমস্যা সন্দৰ্ভত মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছিল।