NORTHEAST NOW (Assamese)

প্ৰয়াত তৰুণ গগৈৰ পত্নী ডলী গগৈক সাক্ষাৎ ৰাহুল গান্ধীৰ

November 25, 2020 2:05 pm · এন ই নাও নিউজ
প্ৰ.আত তৰুণ গগৈৰ পত্নী আৰু সাংসদ পুত্ৰ গৌৰৱ গগৈক সাক্ষাৎ কৰাৰ সময়ত ৰাহুল গান্ধী।

আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শংকৰদেৱ কলাক্ষেত্ৰত প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈগ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উপস্থিত হৈছে গগৈৰ চৰকাৰী বাসভৱনত।

কংগ্ৰেছ নেতাগৰাকীয়ে গগৈৰ চৰকাৰী ভৱনত পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে।

তৰুণ গগৈৰ মৃত্যুৰ পিছৰে পৰা অসুস্থ হৈ পৰা পত্নী ডলী গগৈৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁৰ সৈতে তথা সাংসদ পুত্ৰ গৌৰৱ গগৈৰ সৈতে কিছু সময় বাৰ্তালাপত মিলিত হয় ৰাহুল গান্ধী।

জানিব পৰা মতে, ৰাহুল গান্ধীয়ে তৰুণ গগৈৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ পাছতেই নিজৰ ভ্ৰমণসূচী সামৰি গোৱালৈ উভতি যাব।

উল্লেখ্য যে ৰাতিপুৱা ৯:৪০ বজাত নতুন দিল্লীৰ পৰা গুৱাহাটী বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ প্ৰায়ত তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে পোনে পোনে শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈছিল ৰাহুল গান্ধী।

কলাক্ষেত্ৰত উপস্থিত হৈয়ে ৰাহুল গান্ধীয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ নশ্বৰ দেহত মাল্যাৰ্পণ কৰাৰ লগতে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related News