NORTHEAST NOW (Assamese)
দেশ

‘এক দেশ, এটা নিৰ্বাচন’ৰ ধাৰণা ভাৰতীয় সংঘ-ৰাজ্যৰ ওপৰত আক্ৰমণ: ৰাহুল গান্ধীৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 3, 2023 4:09 pm
One Nation One Election

দীৰ্ঘদিনৰ পৰা উল্লেখ কৰি অহা এক দেশ, এক নিৰ্বাচনৰ ধাৰণা কাৰ্যকৰী কৰাৰ দিশত ক্ৰমাৎ আগবাঢ়িছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ। আগন্তুক বিশেষ অধিৱেশনতে কেন্দ্ৰই এয়া চূড়ান্ত কৰিব বুলি ধাৰণা কৰা হৈছে।

বিজেপিৰ এই বহুচৰ্চিত এক দেশ, এক নিৰ্বাচনৰ ধাৰণাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সূচনা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি এই ‘এক জাতি, এক নিৰ্বাচন’ৰ ধাৰণাটো ভাৰতীয় সংঘ আৰু সংঘৰ অন্তৰ্গত সকলো ৰাজ্যৰ ওপৰত এক আক্ৰমণ আখ্যা দিছে।

‘এক জাতি, এক নিৰ্বাচন’ৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক টুইট যোগে ৰাহুল গান্ধীয়ে কয়, “ইণ্ডিয়া, অৰ্থাৎ ভাৰত হৈছে ৰাষ্ট্ৰসংঘ। ‘এক দেশ, এটা নিৰ্বাচন’ৰ ধাৰণাটো সংঘ আৰু ইয়াৰ সকলো ৰাজ্যৰ ওপৰত আক্ৰমণ।”

উল্লেখ্য যে, ‘এক দেশ, এক নিৰ্বাচন’ৰ ধাৰণা কাৰ্যকৰী কৰাৰ দিশত প্ৰাথমিক কাৰ্য হিচাপে ইতিমধ্যে কেন্দ্ৰই দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন সমিতি গঠন কৰিছে। এই সমিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো আছে।

লগতে ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টিৰ সভাপতি গুলাম নবী আজাদ, ১৫ নং বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্ৰাক্তন মহাসচিব সুভাষ কাশ্যপ, জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু প্ৰাক্তন মুখ্য ভিজিলেন্স আয়ুক্ত সঞ্জয় কোথাৰী এই সমিতিৰ সদস্য।

ইফালে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীক এই সমিতিৰ সদস্য হিচাপে ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আমন্ত্ৰণ জনাইছিল যদিও চৌধুৰীয়ে এই আমন্ত্ৰণ নাকচ কৰে।

ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেক সমিতিৰ পৰা বাদ দিয়াৰ বাবেও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।