NORTHEAST NOW (Assamese)

‘অপৰিকল্পিত লকডাউনৰ ফলত দেশত ১ কোটি অতিক্ৰম কৰিলে ক’ৰনাক্ৰান্তৰ সংখ্যাই’, ৰাহুল গান্ধীৰ দাবী

December 19, 2020 2:09 pm ·
Updated: December 19, 2020 2:15 pm

অপৰিকল্পিত লকডাউনৰ বাবেই দেশত ১ কোটিৰো অধিক লোকে কোভিড১৯ত আক্ৰান্ত হ’ল। এই অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

শনিবাৰে নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে ২১ দিনীয়া অপৰিকল্পিত লকডাউনক মোদী চৰকাৰে কোভিড নিয়ন্ত্ৰণত সফল বুলি দাবী কৰিলেও সেয়া সত্য নহয়; এই অপৰিকল্পিত লকডাউনে বৰং দেশৰ কোটি কোটি মানুহৰ জীৱন ধ্বংসহে কৰিলে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যৰ মতে শনিবাৰে দেশত কোভিড১৯ত আক্ৰান্তৰ সংখ্যাই ১০১ লাখ অতিক্ৰম কৰিছে। ইয়াৰে ৯৫.৫০ লাখ কোভিড আক্ৰান্তই কোভিডমুক্ত হৈছে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত মহাভাৰতৰ ১৮ দিনীয়া যুদ্ধৰ লগত তুলনা কৰি দেশৰ জনগণক ক’ৰ’ণাৰ বিৰুদ্ধে ২১ দিনীয়া যুদ্ধৰ বাবে সাজু হ’বলৈ ঘোষণা কৰি হঠাতে অপৰিকল্পতিভাৱে লকডাউন বলৱৎ কৰিছিল।

ইয়াৰ ফলত দেশৰ কোটি কোটি নিম্ন বিত্ত, দৈনিক মজুৰী কৰা লোক, অসংগঠিত শ্ৰমিক, প্ৰব্ৰজিত শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ী আদিৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলে হঠাতে জীৱিকা হেৰুৱাই আৰ্থিক সংকটত পৰিছিল।

লাখ লাখ প্ৰব্ৰজিত শ্ৰমিকে নিজ গৃহাভিমুখে হাজাৰ হাজাৰ কিলোমিটাপৰ পথ পদব্ৰজে ৰাওনা হৈছিল। ফলত বহু শ্ৰমিকে ৰাজপথতে মৃত্যুক আকোৱালি লৈছিল।

সেই ২১ দিনীয়া লকডাউনৰ পিছতো দেশত ক’ৰ’ণাক্ৰান্তই সংখ্যাই ১ কোটি অতিক্ৰম কৰাৰ পিছতে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে মোদী চৰকাৰক এইদৰে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে।

ৰাহুল গান্ধীয়ে লগতে কয় কেৱল ১ কোটি অতিক্ৰম কৰাই নহয়, দেশত ১.৫ লাখ লোক ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যুও হৈছে। মোদী চৰকাৰৰ অপৰিকল্পিত লকডাউনৰ ব্যৰ্থতাৰ বাবেই ডেৰ লক্ষাধিক ক’ৰ’ণাক্ৰান্তই মৃত্যু মুখত পৰিছে বুলি দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

Related News