NORTHEAST NOW (Assamese)
অসম

পাকিস্তানৰ গোলাবৰ্ষণত পিতৃ-মাতৃক হেৰুওৱা ২২টি শিশুক দত্তক ল’ব ৰাহুল গান্ধীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2025 12:31 pm

ভাৰত-পাক সংঘাতত পিতৃ-মাতৃক হেৰুওৱা প্ৰায় দুই ডজন শিশুক দত্তক লোৱাৰ সিদ্ধান্ত লৈছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ গোলাবৰ্ষণত শিশুকেইটাই পৰিয়ালক হেৰুৱাইছিল।

জম্মু-কাশ্মীৰ কংগ্ৰেছৰ সভাপতি তাৰিক হামিদ কাৰাই কয় যে পুঞ্চ জিলাৰ ২২টি শিশুৰ সমগ্ৰ শিক্ষাৰ খৰচ ৰাহুল গান্ধীয়ে বহন কৰিব। এই শিশুসকলে হয় পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে নহয় পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যজনক হেৰুৱাইছে।

তাৰিক হামিদ কাৰাই কয়, ‘বুধবাৰে প্ৰথম কিস্তিৰ ধন দিয়া হ’ব যাতে এই শিশুসকলৰ শিক্ষাত কোনো ধৰণৰ ব্যাঘাত নজন্মে। শিশুসকলৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ নোহোৱালৈকে এই সাহায্য অব্যাহত থাকিব।

ৰাহুল গান্ধীয়ে মে’ মাহত পুঞ্চ ভ্ৰমণ কৰি স্থানীয় কংগ্ৰেছ নেতাসকলক এই আক্ৰান্ত শিশুসকলৰ তালিকা প্ৰস্তুত কৰিবলৈ কৈছিল। ইয়াৰ পিছতে এক সমীক্ষা চলাই চৰকাৰী নথি-পত্ৰ পৰীক্ষা কৰি চূড়ান্ত তালিকা প্ৰস্তুত কৰা হয়। ৰাহুল গান্ধীয়ে পুঞ্চৰ খ্ৰীষ্ট পাব্লিক স্কুলতো উপস্থিত হৈ শিশুসকলৰ সৈতে কথা পাতিছিল।

অপাৰেচন সিন্দুৰৰ পূৰ্বেও পাকিস্তানী সেনাই সীমান্তত গোলাবৰ্ষণ কৰিছিল। ৭ মে’ৰ পিছত বৃদ্ধি পায় গোলাবৰ্ষণ। ৮ মে’ৰ পৰা ১০ মে’লৈ পাকিস্তানী সেনাই জম্মু অঞ্চলত বিশেষকৈ পুঞ্চত প্ৰচণ্ড গোলাবৰ্ষণৰ আশ্ৰয় লয়। ড্ৰ’ন আৰু মিছাইল আক্ৰমণো সংঘটিত হয়। এই আক্ৰমণত ২৭ জন লোক নিহত হোৱাৰ লগতে ৭০ জনতকৈ অধিক লোক আহত হয়।

এই আক্ৰমণৰ ঘটনাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে পুঞ্চ জিলা। তাত ১৬ জন লোকে প্ৰাণ হেৰুৱায়। গোলাবৰ্ষণৰ ফলত স্থানীয় ৰাইজে ঘৰ এৰি চৰকাৰী সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হয়।

জম্মু-কাশ্মীৰৰ পুঞ্চ ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে পিতৃ-মাতৃক হেৰুওৱা কণ কণ শিশুসকলক কৈছিল যে, ‘মই তোমালোকক লৈ গৌৰৱ অনুভৱ কৰিছো। এতিয়া তোমালোকে ভয় খাইছে, কিন্তু আতংকিত নহ’বা, সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। এই ঘটনাৰ প্ৰত্যুত্তৰত তোমালোকে অধিক কষ্ট কৰি অধ্যয়ন কৰিব। তোমালোকে মন দি খেলিবা আৰু স্কুলত বহুত বন্ধু গঢ়ি তুলিবা।’