NORTHEAST NOW (Assamese)
মণিপুৰ

মোদীৰ মৌনতাৰ মাজতে কাইলৈ ‘অশান্ত’ মণিপুৰত ৰাহুল গান্ধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2023 9:34 am
Manipur

এতিয়াও শান্ত হোৱা নাই মণিপুৰ। ৰাজ্যখনত সৃষ্টি হোৱা ভয়াৱহ সংঘৰ্ষ জৰ্জৰ পৰিস্থিতিৰ প্ৰায় দুমাহ সম্পূৰ্ণ হওঁ হওঁ। কিন্তু এতিয়াও ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত মৌন হৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীৰ এই মৌনতাক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

মণিপুৰক লৈ মোদীৰ মৌনতাক লৈ ৰাজ্যখনৰ জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে বিৰোধী দলসমূহেও সমালোচনা কৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ এই মৌনতাৰ মাজতে কাইলৈ অশান্ত মণিপুৰ ভ্ৰমণৰ বাবে সাজু হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

দুদিনীয়া ভ্ৰমণসূচীৰে অৰ্থাৎ ২৯-৩০ জুনত কংগ্ৰেছ নেতাগৰাকীয়ে হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণৰ কথা ঘোষণা কৰিছে। মণিপুৰৰ ৰাইজে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বুজ লোৱাৰ লগতে শেহতীয়া হিংসাত্মক ঘটনাৰ দ্বাৰা ক্ষতিগ্ৰস্তসকলক সমৰ্থন আগবঢ়োৱাৰ লক্ষ্যৰে এই ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে।

লগতে হিংসাত্মক পৰিস্থিতিয়ে সৰ্বশ্ৰান্ত কৰি তোলা ৰাজ্যখনত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ব্যক্তিসকলক সাহায্য প্ৰদান কৰিব নেতাগৰাকীয়ে। ইম্ফল আৰু চুৰাচান্দপুৰৰ নাগৰিক সমাজৰ প্ৰতিনিধিৰ সৈতেও তেওঁ মত বিনিময় কৰিব।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ কে চি ভেনুগোপালে এক টুইট যোগে গান্ধীৰ ভ্ৰমণৰ বিষয়ে সদৰী কৰি কয় যে প্ৰায় দুমাহ ধৰি জ্বলি থকা মণিপুৰক এক নিৰাময় স্পৰ্শৰ অতি প্ৰয়োজন যাতে সমাজখন সংঘাতৰ পৰা শান্তিলৈ আগবাঢ়িব পাৰে।

তেওঁ লগতে মণিপুৰৰ সংঘাতপূৰ্ণ পৰিস্থিতিক এক মানৱীয় ট্ৰেজেডী আখ্যা দিয়ে আৰু এনে পৰিস্থিতিত ‘ঘৃণাৰ নহয়, প্ৰেমৰ শক্তি হোৱাটো আমাৰ দায়িত্ব’ বুলি টুইটটোত উল্লেখ কৰে।

উল্লেখ্য যে, বিগত ৩ মে’ৰ পৰাই অভাৱনীয় হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যখনত। ৰাজ্যখনত শান্তি-শৃংখলা পুনৰ ঘূৰাই অনাত ব্যৰ্থ হোৱাৰ অভিযোগত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক বৰ্খাস্ত কৰাৰ দাবী তুলিছে কংগ্ৰেছে।

কংগ্ৰেছে লগতে মণিপুৰৰ বিষয়ত মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘মন কী বাত’ত প্ৰথমে ‘মণিপুৰ কী বাত’ অন্তৰ্ভুক্ত হ’ব লাগিছিল বুলি কটাক্ষ কৰে। মণিপুৰ জ্বলি থকাৰ সময়ত কেন্দ্ৰৰ মোদী চৰকাৰ শুই আছে বুলি আক্ৰমণ কৰে কংগ্ৰেছে।