NORTHEAST NOW (Assamese)

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ ৰাহুল গান্ধীৰ তীব্ৰ কটাক্ষ

May 1, 2026 7:19 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:35 am

শুকুৰবাৰে দেশত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য একলাফে ৯৯৩ টকা বৃদ্ধি পোৱাৰ ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মনত পেলাব পৰা দিনৰে পৰা দেশত গেছৰ দাম ইমান বৃহৎ পৰিমাণে বৃদ্ধি হোৱাৰ নজিৰ নাই বুলি চৰ্চা হৈছে। এই মূল্যবৃদ্ধিৰ ফলত এতিয়া ৰাস্তাৰ কাষৰ চাহৰ দোকানৰ পৰা আৰম্ভ কৰি হোটেল-ৰেস্তোৰাঁৰ খাদ্যৰ দামো যথেষ্ট বাঢ়ি যাব বুলি সাধাৰণ ৰাইজে আশংকা প্ৰকাশ কৰিছে। বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। তেওঁলোকৰ মতে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে কেন্দ্ৰই দেশবাসীৰ ওপৰত খৰচৰ বোজা জাপি দিছে।

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বাণিজ্যিক এলপিজিৰ এই মূল্যবৃদ্ধিক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়তে তেওঁ বাৰে বাৰে আশংকা প্ৰকাশ কৰিছিল যে নিৰ্বাচন শেষ হ’লেই ইন্ধন তেল আৰু গেছৰ দাম বহুখিনি বঢ়াই দিয়া হ’ব। শুকুৰবাৰে পুৱা ছচিয়েল মিডিয়া এক্সযোগে ৰাহুল গান্ধীয়ে নিজৰ পুৰণি সতৰ্কবাণীৰ কথা উল্লেখ কৰি লিখিছে যে তেওঁ আগতেই কৈছিল নিৰ্বাচনৰ পিছত জনসাধাৰণে মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰভাৱ অনুভৱ কৰিব। ইয়াৰ পিছত পেট্ৰ’ল আৰু ডিজেলৰ দামো বৃদ্ধি হ’ব বুলি তেওঁ ভৱিষ্যদ্বাণী কৰিছে।

ৰাহুল গান্ধীয়ে আৰু উল্লেখ কৰিছে যে এদিনতে বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৯৯৩ টকা বৃদ্ধি হোৱাটো এক অভিলেখ আৰু এয়াই হ’ল নিৰ্বাচনৰ আচল ফলাফল। তেওঁৰ মতে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা বিগত তিনিমাহত বাণিজ্যিক এলপিজিৰ দাম মুঠ ১,৩৮০ টকা বৃদ্ধি পাইছে। অৰ্থাৎ এই চুটি সময়ছোৱাতে দাম প্ৰায় ৮১ শতাংশ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত চাহৰ দোকান, ধাবা, হোটেল, বেকাৰী আৰু মিঠাইৰ দোকানৰ দৰে প্ৰতিটো পাকঘৰৰ ওপৰত আৰ্থিক চাপ বাঢ়িছে। এই মূল্যবৃদ্ধিৰ প্ৰভাৱ সাধাৰণ মানুহৰ খাদ্যৰ থালখনতো পৰিব বুলি প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে মন্তব্য কৰিছে। তেওঁৰ মতে চৰকাৰৰ প্ৰথমটো আঘাত ৰন্ধন গেছৰ ওপৰত পৰিছে আৰু ইয়াৰ পৰৱৰ্তী লক্ষ্য হ’ব পেট্ৰ’ল তথা ডিজেল।

Related News