NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীৰ সকলো বিনিয়োগ চম্ভালে ‘মোডী সমৰ্থক’ উপদেষ্টাই!

May 12, 2026 9:44 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰায় ১৪ বছৰ ধৰি মিউচুৱেল ফাণ্ডকে ধৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিত্তীয় বিনিয়োগ চম্ভালি আহিছে মুথুকৃষ্ণন দণ্ডপানিয়ে। কিন্তু ৰাজনৈতিক মতাদৰ্শৰ ক্ষেত্ৰত তেওঁ দীৰ্ঘদিন ধৰি নৰেন্দ্ৰ মোডীৰ সমৰ্থক!

তেওঁৰ ক্লায়েণ্ট ৰাহুলে ৰাজনৈতিক মতানৈক্যক তেওঁৰ পেছাদাৰী সম্পৰ্কত কেতিয়াও প্ৰভাৱ পেলাব দিয়া নাই — বিনিয়োগ উপদেষ্টাজনৰ এনে এটা এক্স-পষ্টে নেট জগতত এক আমোদজনক চৰ্চাৰ সৃষ্টি কৰিছে। মুথুৰ এই পোষ্টক লৈ বিৰোধী নেতা ৰাহুলৰ লঘু মন্তব্যইও আকৰ্ষণ কৰিছে নেটিজেনক!

এক্স-ত এটা দীঘলীয়া পোষ্টত মুথুকৃষ্ণনে কয় যে ৰাহুল ইউ পি এ চৰকাৰৰ পৰাই তেওঁৰ ক্লায়েণ্ট। কিন্তু ২০১৪ চনৰ পৰাই তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিক ৰাজহুৱাভাৱে সমৰ্থন কৰি আহিছে।

‘মুথুকৃষ্ণন’ৰ ভাষাত ‘মই কোনো ব্যক্তিগত সবিশেষ শ্বেয়াৰ কৰা নাই, কিন্তু কিছুমান ধাৰণা বাস্তৱৰ পৰা কিমান পৃথক সেয়া ক’ব বিচাৰিছো। অৱশ্যে এই পোষ্টটো কোনো দল বা নেতাক সমৰ্থনৰ বাবে কৰা নহয়। ২০১৩ চনৰ পৰা ৰাহুল গান্ধী মোৰ মিউচুৱেল ফাণ্ডৰ ক্লায়েণ্ট। বিজেপিৰ ৰাজহুৱা সমৰ্থনত মোৰ সকলো পোষ্ট নিশ্চয় ৰাহুলৰ নেতা-কৰ্মীয়ে দেখিছে। কিন্তু তাৰ বাবে তেওঁলোকে মোক কেতিয়াও কাঠগৰাত তোলা নাই।’

উপদেষ্টাগৰাকীয়ে মিউচুৱেল ফাণ্ডৰ ক্লায়েণ্টলৈ লিখা চিঠিখনৰ শেষত লিখিছে, ‘ৰাহুল গান্ধী কেনেকুৱা ৰাজনীতিবিদ মই হয়তো ক’ব নোৱাৰিম। কিন্তু মোৰ ১৪ বছৰীয়া সম্পৰ্কত মই দেখিছো যে ৰাহুলে নিজৰ পেছাদাৰীসকলক যথেষ্ট সন্মান দিয়ে।’

Related News