NORTHEAST NOW (Assamese)
অসম

মোদীৰ ‘১৫ লাখ’ নোপোৱা ভোটাৰলৈ ৰাহুল গান্ধীৰ নিম্নতম আয়ৰ প্ৰতিশ্ৰুতি

Posted by: এন ই নাও নিউজ February 27, 2019 12:23 am
Rahul Gandhi public rally

কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে দেশৰ সকলো দুখীয়া মানুহক এটা নিম্নতম আয়ৰ নিশ্চিতি দিয়া হ’ব। এই নিম্নতম আয় হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ জমা হ’ব। আজি গুৱাহাটীৰ খানাপাৰাত কংগ্ৰেছৰ বুথ কৰ্মীসকলৰ এখন সভাত উপস্থিত প্ৰায় ৫০ হাজাৰ লোকক সম্বোধন কৰি ৰাহুল গান্ধীয়ে এই আশ্বাস দোহাৰে। পূৰ্বেও দেশৰ আন ঠাইত কংগ্ৰেছৰ সভাপতিজনে এই প্ৰতিশ্ৰুতি দি আহিছে।।

ইপিনে ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰী মোদীক তীব্ৰ কটাক্ষ কৰে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত নৰেন্দ্ৰ মোদীয়ে দিয়া এটা প্ৰতিশ্ৰুতিৰ প্ৰসংগ টানি কংগ্ৰেছৰ সভাপতি জনে মোদীক তুলাধুনা দিয়ে।

“মই আপোনালোকক এই প্ৰতিশ্ৰুতি নিদিওঁ যে একাউণ্টত ১৫ লাখকৈ টকা ভৰাই দিম। কংগ্ৰেছ চৰকাৰ আহিলে মিনিমান ইনকাম গেৰাণ্টি লাগু কৰা হ’ব। প্ৰতিজন ব্যক্তিক চাৰে তিনি টকা নহয়। প্ৰতিজন ব্যক্তিৰ একাউণ্টত পোনপটীয়াকৈ এই নিম্নতম আয়ৰ টকা জমা হ’ব।”, মোদীক ইতিকিং কৰি গান্ধীৰ এই মন্তব্য।

উল্লেখযোগ্য যে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসনলৈ আহিলে ক’লা ধন আনি তাৰে প্ৰতিজন ভাৰতীয়ৰ একাউণ্টত ১৫ লাখকৈ টকা ভৰাই দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।

গান্ধীয়ে প্ৰধান মন্ত্ৰী মোদীৰ লগতে তেওঁৰ চৰকাৰখনকো সমালোচনা কৰে। গান্ধীয়ে কয় যে যিখন চৰকাৰে দেশৰ কৃষকৰ ঋণ মাফ কৰি দিবলৈ টকা নাই বুলি কয় সেই চৰকাৰখনে অনিল আম্বানি, নীৰৱ মোদী, ললিত মোদীকে ধৰি ১৫জন পুঁজিপতিক ৩ লাখ ৫০ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিছে।

২৬ ফেব্ৰুৱাৰিৰ খানাপাৰাত ৰাহুল গান্ধীৰ সমাৱেশৰ দুটা মুহূৰ্ত। ফটো : য়ু বি।

কংগ্ৰেছৰ সভাপতিজনে কয় যে পুঁজিপতিক ৩ লাখ ৫০ হাজাৰ কোটি টকাৰ ঋণ ৰেহাই দিয়া চৰকাৰখনে দেশৰ কৃষকসকলক দৈনিক ১৭ টকাকৈ দিয়াৰ কথা ঘোষণা কৰি মহা ফূৰ্তি কৰি দেখুৱাইছে। তেওঁ যোৱা বাজেট অধিৱেশনৰ অন্তিম দিনটোৰ বৰ্ণনা দি কয়, “বাজেট অধিৱেশনৰ অন্তিম দিনটোত মন্ত্ৰী পীয়ুষ গোৱেলে ভাষণ দি আছিল। বিজেপিৰ সাংসদসকলে ধৰা ধৰ ধৰা ধৰ পাঁচ মিনিট তালি বজাবলৈ লাগিছিল। মই ভাবিছিলো, কিবা ডাঙৰ কাম কৰিলে হ’বলা। মই খৰ্গেজীক সুধিলো, এওঁলোকে কি কৰিছে? তেওঁ ক’লে, প্ৰতিজন কৃষকক, আচলতে প্ৰতিজন কৃষকৰ পৰিয়ালক দৈনিক ১৭ টকাকৈ দিব বোলে।”

গান্ধীয়ে আকৌ কয়, “অনিল আম্বানিক ৪৫ হাজাৰ কোটি টকা, নীৰৱ মোদীক ৩৫ হাজাৰ কোটি টকা, আৰু হিন্দুস্তানৰ কৃষকক দৈনিক ১৭ টকা। অৰ্থাৎ কৃষকৰ পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ নামত ৩.৫০ টকা দিব। আৰু তাতে বিজেপিৰ সাংসদসকলে ধৰা ধৰ ধৰা ধৰ পাঁচ মিনিট তালি বজালে। চাৰে তিনি লাখ কোটি মাফ কৰি দিলে। তেতিয়া তালি নবজালে। কৃষকক ৩.৫০ টাক দৈনিক দি তালি বজালে।”

গান্ধীয়ে তেওঁ দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বিশ্বাসযোগ্যতা পৰীক্ষা কৰিবলৈ হ’লে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তিছগড়ৰ উদাহৰণ চাবলৈ কয়। তেওঁ এই ৰাজ্যকেইখনত নিৰ্বাচনৰ পূৰ্বে দিয়া তেওঁৰ ভাষণ ঘূৰি চাবলৈও আহ্বান জনায়। তেওঁ কয়, “ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তিছগড়ত কংগ্ৰেছ শাসনলৈ আহিলে চৰকাৰ গঠন কৰা ১০ দিনৰ ভিতৰত কৃষকৰ ঋণ মাফ দিয়া হ’ব বুলি কৈছিলো। কিন্তু দহ দিন নল’লো। দুদিনত সেয়া আৰম্ভ কৰিলো।”