বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ
সোমবাৰে গুৱাহাটীত আয়োজিত সমষ্টি পুনৰ্নিদ্ধাৰণ সম্পৰ্কীয় শুনানিত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু অন্য প্ৰতিনিধি মণ্ডলৰ সমুখত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰে ৰাইজৰ দলে। ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত হোৱা এক ৰাজহুৱা শুনানিত দলৰ সভাপতি অখিল গগৈৰ সৈতে উপস্থিত থাকে দলৰ উপদেষ্টা দিলীপ বৰা, কাৰ্যকৰী সভাপতিদ্বয় ভাস্ক‘ ডি শইকীয়া আৰু কৱীন্দ্ৰ চেতীয়া ফুকন, সাধাৰণ সম্পাদক ৰাছেল হুছেইন, অলক নাথ আৰু আজিজুৰ ৰহমান, সাংগঠনিক সম্পাদক অম্লান জ্যোতি গগৈ।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এগৰাকী বিধায়ক হিচাপে নিজৰ বক্তব্য ৰখাৰ লগতে ৰাইজৰ দলৰ ৰাজনৈতিক উপদেষ্টা তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা ডাঙৰীয়াৰ নেতৃত্বত আন এটা দলে স্মাৰকপত্ৰ প্ৰদান কৰি দলৰ অভিমত প্ৰকাশ কৰে।
২০০৮ চনত যি যি কাৰণত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত স্থগিত ৰখা হৈছিল, সেই সন্দৰ্ভত প্ৰকাশিত নটিফিকেচনৰ কোনো পৰিস্থিতিয়েই সালসলনি হোৱা নাই বুলি তথ্য–প্ৰমাণ দাঙি ধৰে দলটোৰ নেতৃবৰ্গই। ১৯৮৫ চনত স্বাক্ষৰিত হোৱা অসম চুক্তি অনুসৰি আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা পৰ্যন্ত এখন আসোঁৱাহপূৰ্ণ লোক পিয়লৰ তালিকাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ জাতীয় জীৱনৰ বাবে ক্ষতিকৰ বুলি তথ্য–প্ৰমাণ দাখিল কৰি তেওঁলোকে কয় যে, এইবাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণত যিহেতু সমষ্টিৰ সংখ্যা বৃদ্ধি নহয়, গতিকে ইয়াৰ পৰা অসমে পাবলগীয়া একো নাই। কিন্তু এই প্ৰক্ৰিয়াই অসমৰ থলুৱা অনেক জনগোষ্ঠীক অসন্তুষ্ট কৰি যাব।
সাম্প্ৰদায়িক আৰু বৰ্ণবাদী বিজেপিৰ শাসন কালত এনে পৰিৱৰ্তনে থলুৱা জনগোষ্ঠীৰ পৰিৱৰ্তে যে বিজেপিৰ পৰম্পৰাগত ভোটাৰ সুৰক্ষিত কৰা সমষ্টিহে তৈয়াৰ হ’ব সেয়া খাটাং বুলি মন্তব্য কৰে ৰাইজৰ দলৰ প্ৰতিনিধি সকলে।
এই আটাইবোৰ শংকা ব্যক্ত কৰি চৰকাৰী পক্ষৰ তৎপৰতাৰ বিষয়েও অৱগত কৰি দলটোৱে প্ৰশ্ন কৰে, কেনেকৈ চৰকাৰে জিলা বিলুপ্তকৰণ কৰিলে আৰু পুৰণি প্ৰশাসনিক সীমা বদলালে সেইয়াও সুঁৱৰাই দিয়ে। চৰকাৰে উজনি অসমৰ সমষ্টি হ্ৰাস কৰাৰ বাবেই যে এইবোৰ ষড়যন্ত্ৰ কৰিছে তাকো উনুকিয়াই দিলে প্ৰতিনিধি সকলে।
লগতে শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা ৰংপুৰ পঞ্চায়ত আঁতৰ কৰি ৰংঘৰ আৰু তলাতল ঘৰ শিৱসাগৰ সমষ্টিৰ সীমাৰ বাহিৰ কৰি আহোমসকলৰ পুৰণি ৰাজধানীত তেওঁলোকক অস্তিত্বহীন কৰিবলৈ চৰকাৰী পক্ষই কৰি থকা ষড়যন্ত্ৰখিনিও অৱগত কৰিলে দলটোৰ নেতৃবৰ্গই।