NORTHEAST NOW (Assamese)
অসম

ঔৰাংগাবাদত ৰে’লৰ খুন্দাত প্ৰব্ৰজিত শ্ৰমিক মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ ৰে’ল মন্ত্ৰী পিযুষ গোৱেলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 8, 2020 2:02 pm
ঔৰাংগাবাদত ৰে’লৰ খুন্দাত প্ৰব্ৰজিত শ্ৰমিক মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ ৰে’ল মন্ত্ৰী পিযুষ গোৱেলৰ

মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত শুকুৰবাৰে ৰাতিপুৱা মালবাহী ৰে’লগাড়ীয়ে ১৬ গৰাকীকৈ প্ৰব্ৰজিত শ্ৰমিকক মহটিয়াই নিয়া ঘটনাত শোক প্ৰকাশ কৰিছে ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে।

শোকৱাহ দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি ইয়াক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে তদন্তৰ নিৰ্দেশ দিয়া বুলি কয় ৰে’ল মন্ত্ৰী গোৱেলে।

‘‘দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সাহায্য অভিযান অব্যাহত আছে…..দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোক সকলৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো,’’ পিযুষ গোৱেলে লগতে কয়।

মালবাহী ৰে’লৰ খুন্দাত ১৬ গৰাকী প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে পাঁচ গৰাকী শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছিল।

বাতৰি অনুসৰি, এই শ্ৰমিককেইজন মধ্য প্ৰদেশৰ নিজ ঘৰলৈ উভতি গৈ আছিল।

শ্ৰমিক কেইজনে ৰে’ল লাইনৰ ট্ৰেকত ধৰি খোজ কাঢ়ি গৈ আছিল।

ৰে’লৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, নিশা শ্ৰমিক কেইজনে ট্ৰেকৰ ওপৰতে শুই পৰিছিল।

শুকুৰবাৰে পুৱতি নিশা তেওঁলোকৰ ওপৰেৰে মালবাহী ট্ৰেইনখন পাৰ হৈ যায়।

লকডাউনৰ মাজতে বিভিন্ন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলক ঘৰলৈ পঠিওৱাৰ বাবে বিশেষ শ্ৰমিক ৰে’ল চলোৱা আৰম্ভ কৰা হৈছে।

ইয়াৰ মাজতে বহুতেই খোজকাঢ়ি ঘৰলৈ ওভতাৰ চেষ্টা কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো দুৰ্ঘটনা সন্দৰ্ভৰত গভীৰ শোক প্ৰকাশ কৰি ৰে’ল মন্ত্ৰী পিযুষ গোৱেলক ইয়াৰ পৰ্যালোচনা কৰিবলৈ কয়।