NORTHEAST NOW (Assamese)

ৰেল কৰ্মচাৰী ছাটাই, নতুন পেন্সন নীতিৰ বিৰুদ্ধে ৰঙিয়া ৰেল সংমণ্ডলত তীব্ৰ বিক্ষোভ

September 12, 2019 8:16 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ৰেল বিভাগত কৰ্মৰত ৫৫ বছৰ উৰ্দ্ধৰ সকলো কৰ্মচাৰীকে বাধ্যতামূলক অৱসৰ দিয়াৰ বাবে চিন্তা-চৰ্চা কৰি থকা বুলি প্ৰচাৰিত খবৰৰ বিৰুদ্ধে বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এন এফ ৰেলৱে এমপ্লইজ য়ুনিয়নৰ ৰঙিয়া মাণ্ডলিক শাখায়।

ৰঙিয়াৰ ৰেল মাণ্ডলিক কাৰ্য্যালয়ৰ সন্মুখত শতাধিক কৰ্মচাৰীয়ে চৰকাৰৰ ল’ব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীত প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ৰেল কৰ্মচাৰীৰ ওপৰত শোষণ নীতি বন্ধ কৰক, নতুন পেন্সন আঁচনি বাতিল কৰক, ৰেল বিভাগত কৰ্মচাৰী ছাটাই নচলিব আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীত এন এফ ৰেলৱে এমপ্লইজ য়ুনিয়নৰ সহকাৰী সাধাৰণ সম্পাদক পি কে ৰস্তোগী আৰু সাংগঠনিক সম্পাদক কুশল কলিতা উপস্থিত থাকে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে আৰ্থিক মন্দাৱস্থা আৰু ভাৰতীয় ৰেলৱে লোকচানৰ সন্মুখীন হোৱা বুলি ঘোষণা কৰি ৰেল বিভাগত ৩০ বছৰ চাকৰিকাল সম্পূৰ্ণ কৰা আৰু ৫৫ বছৰৰ উৰ্দ্ধৰ সকলো কৰ্মচাৰীক চাটাই কৰাৰ বাবে যি পদক্ষেপ লোৱাৰ পথত আগবাঢ়িছে সেয়া কেতিয়াও মানি লোৱা নহ’ব বুলি মন্তব্য কৰে সহকাৰী সাধাৰণ সম্পাদক পি কে ৰস্তোগীয়ে।

ৰঙিয়াৰ মাণ্ডলিক শাখাৰ উপৰিও তিনিচুকীয়া ৰেল ষ্টেশ্যনত বুধবাৰে ৰেল কৰ্মচাৰী সকলে নতুন পেন্সন নীতি বাতিল কৰাকে ধৰি ভালেমান দাবী উত্থাপনেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

Related News