NORTHEAST NOW (Assamese)
অসম

উৎকোচৰ গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে ৰে’লৱেৰ মুখ্য যান্ত্ৰিক অভিযন্তাক, ৪০ লাখ টকাৰ গহণাৰ লগতে নগদ ৬৩ লাখ টকা উদ্ধাৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 29, 2022 10:03 am
arrest-1579498383

কথাতে আছে এশ গৰু মাৰিলে বাঘৰো মৰণ। ঠিক তেনে দশাই হ’ল এজন ৰে’লৰ দুৰ্নীতিগ্ৰস্ত অভিযন্তাৰ।শেহতীয়াকৈ কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য যান্ত্ৰিক অভিযন্তা (পিচিএমই)ক উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে। অভিযন্তাজনৰ ছিংগাপুৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিটা বিদেশী বেংকত থকা জমা ধনৰ তথ্যৰ লগতে নগদ ২৩ লাখ,৪০ লাখ মূল্যৰ গহনা, ১৩ কোটি টকাৰ সম্পত্তিৰ তথ্যও পোৱা গৈছে।

মুখ্য যান্ত্ৰিক অভিযন্তাই ২,০০,০০০ আমেৰিকান ডলাৰ বিদেশৰ বেংকত জমা কৰিছিল। সংস্থাটোৰ মতে, কলকাতাস্থিত প্ৰতিষ্ঠানটোৰ কিছু বিল, ৰে’লৰ ঠিকা, কেন্দ্ৰীয় ৰেলৱেৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ আৰু পিচিএমইৰ ওচৰত বিচাৰাধীন হৈ আছিল। যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাই তেনে বিল আৰু ঠিকা মোকলাই দিয়াৰ নামত উৎকোচ দাবী কৰি আহিছিল।

প্ৰতিখন বিল মোকলাই দিবলৈ তেওঁ ১ লাখকৈ টকা উৎকোচ লৈছিল। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত চিবিআইয়ে এটা গোচৰ পঞ্জীয়ন কৰি মুখ্য যান্ত্ৰিক অভিযন্তাজনৰ চৰকাৰী বাহনৰ চালক আব্দুল কালাম শ্বেখক গ্ৰেপ্তাৰ কৰিছিল।

যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাই তেওঁৰ বাহনৰ চলক আৰু আন লোকৰ জৰিয়তে উৎকোচৰ ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ উঠিছে। আন এজন অভিযুক্ত আদিত্য তিবাৰৱালকো গ্ৰেপ্তাৰ কৰা হৈছে। চিবিআইয়ে উৎকোচৰ গোচৰটো সন্দৰ্ভত মুম্বাই, কলকাতা, গাজিয়াবাদ, নয়ডা, ডেৰাডুন আৰু দিল্লীকে ধৰি দহটা স্থানত তালাচী চলায়। গুপ্তাৰ চৌহদত তালাচীৰ সময়ত প্ৰায় ২৩ লাখ নগদ ধন আৰু প্ৰায় ৪০ লাখ টকা মূল্যৰ গহনা উদ্ধাৰ হয়।

চিচিবিআইয়ে যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী অশোক কুমাৰ গুপ্তাক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে।