NORTHEAST NOW (Assamese)

উত্তৰ-পূব ৰে’লৱেৰ ১২ হাজাৰ খালী পদত থলুৱাক নিযুক্তিৰ দাবী ৰে’লৱে মজদুৰ ইউনিয়নৰ

August 31, 2018 10:20 am · এন ই নাও নিউজ

উত্তৰ-পূব সীমান্ত ৰে’লত কৰ্মৰত শ্ৰমিকসকলৰ সংগঠন এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় পৰিষদৰ (চি ই চি) বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাত অনুষ্ঠিত হোৱা সভাত উত্তৰ-পূব ৰে’লৱেত খালী হৈ খকা প্ৰায় ১২ হাজাৰ পদত অতি শীঘ্ৰে থলুৱা শিক্ষিত যুৱক-যুৱতীক নিযুক্তি দিয়াকে ধৰি বিভিন্ন দাবী উত্থাপন কৰা হয়।

বুধবাৰে বিয়লি ৫ বজাত ৰে’লৱে মজদুৰ ইউনিয়ন ৰঙাপৰা শাখাৰ নিজা কাৰ্যালয়ৰ চৌহদত ৰে’লৱে মজদুৰ ইউনিয়নৰ সভাপতি ৰমণী বৰ্মণৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত হৰভজন সিং সিদ্ধু, আশীষ বিশ্বাস, পিয়ূষ চক্ৰৱৰ্তী, এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসগুপ্তা আদিকে ধৰি কেইবাগৰাকী শ্ৰমিক নেতা উপস্থিত থাকে।

কেন্দ্ৰীয় চৰকাৰে ৰে’ল শ্ৰমিকসকলক কৰি অহা প্ৰতাৰণাক নেতাসকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰি অতি শীঘ্ৰেই নতুন পেন্সন নীতি বাতিল কৰাৰ দাবী তোলে। তদুপৰি, সপ্তম দৰমহা আয়োগৰ ফিটমেন ফৰ্মোলা সংশোধন কৰি ন্যূনতম দৰমহা ১৮ হাজাৰৰ পৰা ২৬ হাজাৰলৈকে বৃদ্ধি কৰাৰো দাবী তোলে।

বৃহস্পতিবাৰে দিনৰ ১১ বজাত ৰে’লৱে মজদুৰ ইউনিয়নৰ মহিলা কোষৰ কেন্দ্ৰীয় সভানেত্ৰী কল্পনা ৰাজকুমাৰী আৰু যুৱ কোষৰ কেন্দ্ৰীয় সভাপতি দ্বীপ মালাকাৰৰ সভাপতিত্বত পৃথকে পৃথকে সভা অনুষ্ঠিত হয়। সভাত নতুন প্ৰজন্মৰ চাকৰিয়ালসকলক নতুন পেন্সন নীতিয়ে ভৱিষ্যৎ জীৱন অন্ধকাৰলৈ ঠেলি দিয়া বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰে।

নতুন পেন্সন নীতি কেন্দ্ৰীয় চৰকাৰে বাতিল নকৰা পৰ্যন্ত চৰকাৰখনৰ বিৰুদ্ধে সংগ্ৰাম কৰি যোৱাৰ সংকল্প লোৱাৰ লগতে মহিলা সৱলীকৰণ নামত চৰকাৰৰ কেতবোৰ নীতিয়ে ৰে’ল বিভাগৰে অন্যান্য বিভাগত নিয়োজিত হৈ থকা মহিলা কৰ্মচাৰীসকলে নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰে।

আনহাতে,নেশ্যনেল জইণ্ট কাউন্সিল অব্‌ একশ্যন কমিটীয়ে অহা ১৯ ছেপ্টেম্বৰত আহ্বান জনোৱা ধৰ্মঘট কাৰ্যসূচী সফল কৰি তোলাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Related News