NORTHEAST NOW (Assamese)

আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিব নতুন ট্ৰেইনঃ বৈদ্যুতিক ইঞ্জিনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ

May 25, 2025 10:58 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 25, 2025 11:02 am

যাত্ৰীৰ ভিৰ লাঘৱ কৰিবলৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে আগৰতলা আৰু গুৱাহাটীৰ মাজত নতুন ৰেল চলাবলৈ অনুমোদন জনাইছে। ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ সাংসদ বিপ্লৱ কুমাৰ দেৱে শনিবাৰে (২৪ মে, ২০২৫) ঘোষণা কৰে যে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ওচৰত তেওঁৰ দাবীৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে।

আগৰতলাৰ পৰা আৰম্ভ হৈ গুৱাহাটীৰ উপকণ্ঠ নাৰেংগী (এন এন জি ই) ষ্টেচনত ৰ’ব এইখন নতুন ৰেল। অৱশ্যে এই ৰেলৰ সময়সূচী এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

চলিত বৰ্ষৰ ২২ এপ্ৰিলত ৰেল মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ সাংসদ হিচাপে থকা দেৱে অধিক এক্সপ্ৰেছ ৰেল প্ৰৱৰ্তন আৰু ৰাজ্যত সেৱাৰ আধুনিকীকৰণৰ দাবী উত্থাপন কৰে।

ইয়াৰে এটা দাবী আছিল আগৰতলা আৰু গুৱাহাটী দুয়োখন স্থানতে যাত্ৰীৰ যাতায়ত লাঘৱ কৰিবলৈ নতুন এক্সপ্ৰেছ ৰেলৰ প্ৰৱৰ্তন। এই দাবীৰ এমাহৰ ভিতৰতে এই নতুন এক্সপ্ৰেছ ৰেলৰ অনুমোদন লাভ কৰাৰ লগতে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিপ্লৱ কুমাৰ দেৱক এখন পত্ৰৰ জৰিয়তে এই কথা অৱগত কৰে।

ইফালে উত্তৰ-পূব সীমান্ত ৰেলৱেই শনিবাৰে (২৪ মে, ২০২৫) উজনি অসমৰ এটা ষ্টেচন আৰু আগৰতলাৰ মাজত বৈদ্যুতিক ইঞ্জিনেৰে ট্ৰাইল ৰাণ সফলতাৰে চলাইছে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ৬ ফেব্ৰুৱাৰীত বদৰপুৰ (অসম) আৰু জিৰানিয়া ষ্টেচন (আগৰতলাৰ সমীপ)ৰ মাজত এখন মাল ট্ৰেইনৰ ট্ৰাইল ৰান সম্পূৰ্ণ হৈছিল।

ডিজেল চালিত ইঞ্জিনৰ পৰা বৈদ্যুতিক ইঞ্জিনলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে ৰাজ্যখনক ৰাষ্ট্ৰীয় ৰে’লৱে গ্ৰীডত একত্ৰিত কৰাৰ বাবে এনএফআৰে ৪৬ কোটি টকাৰ বিদ্যুৎকৰণ প্ৰকল্প সম্পূৰ্ণ কৰিছে।

Related News