NORTHEAST NOW (Assamese)

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

June 4, 2023 10:06 pm · এন ই নাও নিউজ, গুৱাহাটী

উৰিষ্যাৰ বালাচোৰত শুকুৰবাৰে নিশা সংঘটিত হোৱা শোকাৱহ ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই- ৰ তদন্ত আহ্বান কৰিছে ৰে’ল মন্ত্ৰালয়ে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত এই বিষয়ে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কাৰিকৰী বিসংগতিৰ পৰিণতিত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছিল আৰু অতি সোনকালে এই বিষয়ত সকলো তথ্য এক প্ৰতিবেদনত প্ৰকাশ পাব বুলি মন্তব্য কৰিছিল।

ইফালে ৰে’লৱেই উল্লেখ কৰা মতে, “চিগনেলিং ইন্টাৰফেৰেন্স”ৰ বাবে ক’ৰ’মেণ্ডেল এক্সপ্ৰেছখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ইয়াৰ ইঞ্জিন তথা ডবাই লুপ লাইনসমূহৰ এটাত ৰখাই থোৱা লোহাৰ অক্সাইডেৰে ভৰ্তি এখন মালবাহী ৰে’লত খুন্দা মাৰে।

ইয়াৰ ফলশ্ৰুতিত ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ ডবাসমূহ তৃতীয় ট্ৰেকত সোমাই পৰে আৰু তীব্ৰ বেগত ওচৰ চাপি অহা বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছত খুন্দা মাৰে বুলি ৰে’লৱেই উল্লেখ কৰে।

আনহাতে, বিৰোধীয়ে দুৰ্ঘটনাৰ পিছতে ৰে’ল সুৰক্ষাৰ কেইবাটাও গুৰুতৰ ভুলৰ উল্লেখ কৰা ৰে’লৱেৰ অডিট প্ৰতিবেদনৰ বিষয়ে চৰ্চালৈ আনিছে। বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত সংসদত এই প্ৰতিবেদন দাখিল কৰা হৈছিল।

উল্লেখ্য যে, এই দুৰ্ঘটনাত ২৮৮ গৰাকী লোকৰ মৃত্যু হোৱা বুলি প্ৰাৰম্ভিক অৱস্থাত তথ্য আহিছিল যদিও আজি উৰিষ্যা চৰকাৰে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৫ জন আৰু আঘাতপ্ৰাপ্তৰ সংখ্যা ১১৭৫ জন বুলি উল্লেখ কৰিছে।

উৰিষ্যা চৰকাৰৰ এই পৰিসংখ্যাই বালাচোৰৰ ৰে’ল দুৰ্ঘটনাক দেশৰ ভিতৰতে তৃতীয় ভয়াৱহ ৰে’ল দুৰ্ঘটনা হিচাপে পৰিগণিত কৰিছে।

Related News