NORTHEAST NOW (Assamese)

আজিৰে পৰা যাত্ৰীয়ে ৰে’লৱে ষ্টেশ্যনৰ কাউন্টাৰতো বুকিং কৰিব পাৰিব ৰিজাৰ্ভেশ্যন টিকট

May 22, 2020 7:36 am · এন ই নাও নিউজ
Updated: May 22, 2020 7:40 am
প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: Pixabay

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ মাজতে আৰম্ভ হোৱা ৰে’ল সেৱাত ষ্টেশ্যনৰ কাউন্টাৰত টিকট বুকিঙৰ সুবিধা বন্ধ কৰি ৰখা হৈছিল।

বৰ্তমান চলি থকা ৰে’লসমূহৰ বাবে যাত্ৰীয়ে অনলাইনৰ জৰিয়তে টিকট বুক কৰিব লাগে যদিও এতিয়া ৰে’ল বিভাগৰ সিদ্ধান্ত অনুসৰি কাউন্টাৰৰ পৰাও টিকট বুক কৰিব পৰা যাব।

শুকুৰবাৰৰ পৰাই যাত্ৰীসকলে ষ্টেশ্যনৰ কাউন্টাৰৰ পৰা টিকট সংৰক্ষণ কৰিব পাৰিব।

ৰে’লৱেই জানিবলৈ দিয়া মতে সংৰক্ষিত যাত্ৰাৰ বাবে যাত্ৰীয়ে ষ্টেশ্যনৰ ৰে’লৱেৰ পৰিসৰৰ ভিতৰত থকা কাউন্টাৰৰ পৰা টিকট বুকিং কৰিব পাৰিব।

অৱশ্যে, টিকট বুকিঙৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ দায়িত্ব ৰে’লৱেৰ মাণ্ডলিক কাৰ্যালয়ৰ ওপৰত ন্যস্ত কৰা হৈছে।

ৰে’ল বিভাগে জানিবলৈ দিছে যে ৰিজাৰ্ভ টিকটৰ বুকিং আৰু বাতিলকৰণ সুবিধা পোষ্ট অপিচ আৰু যাত্ৰী টিকটৰ সুবিধা কেন্দ্ৰ অনুজ্ঞাপত্ৰ থকাসকলকহে দিয়া হৈছে।

তদুপৰি, IRCTCৰ কৰ্তৃত্বশীল এজেন্ট, ৰে’লৱে পৰিসৰৰ ভিতৰত যাত্ৰী ৰিজাৰ্ভেশ্যন চিষ্টেম তথা সাধাৰণ সেৱা কেন্দ্ৰসমূহক অফলাইন টিকট বুক কৰাৰ অনুমতি দিয়া হৈছে। সকলোতে সামাজিক দূৰত্ব বজাই ৰখাটো জৰুৰী হ’ব।

আনহাতে, ১ জুনৰ পৰা চলিবলগীয়া ৰে’লসমূহৰ বাবে বৃহস্পতিবাৰৰ পৰা বুকিং আৰম্ভ হৈছে।

যাত্ৰীৰ সুবিধাৰ বাবে ৰে’ল বিভাগে ১জুনৰ পৰা ২০০খন যাত্ৰীবাহী ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য যে যোৱা ১২ মে’ৰ পৰা বিশেষ ৰে’লৰ সেৱা আৰম্ভ কৰা হৈছিল।

Related News