NORTHEAST NOW (Assamese)

দেশৰ চাৰি ধাম গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথলৈ নিৰ্মাণ হ’ব ৰে’লপথ

August 24, 2020 10:58 am · এন ই নাও নিউজ
Updated: August 24, 2020 11:00 am

হিমালয়ৰ কোলাত অৱস্থিত দেশৰ চাৰি ধাম ক্ৰমে গংগোত্ৰী,যমুনোত্ৰী,কেদাৰনাথ,বদ্ৰীনাথলৈ নিৰ্মাণ হ’ব ৰে’লপথ।

প্ৰতিকূল পৰিবেশকো নেওচি উক্ত চাৰি ধামলৈ শীঘ্ৰে ৰে’ল পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিয়ুষ গোৱেলে প্ৰকাশ কৰিছে।

ৰে’ল মন্ত্ৰী গৰাকীয়ে টুইটাৰৰ জৰিয়তে ইে প্ৰসংগত কৈছে যে চাৰি ধামলৈ যাতে দৰ্শনাৰ্থী সকলে সুকলমে যাব পাৰে তাৰ বাবেই চাৰিওটা ধাম সামৰি ৰ’ল পথ নিৰ্মাণ কৰা হ’ব।

উল্লেখ্য উত্তৰাখণ্ডৰ অতি দুৰ্গম অঞ্চলত থকা চাৰি ধাম ক্ৰমে গংগোত্ৰী,যমুনোত্ৰী,কেদাৰনাথ,বদ্ৰীনাথলৈ  যাবলৈ ভক্তসকলে বহু কষ্ট কৰিবলগীয়া হয়।

ৰে’লপথ  নিৰ্মাণ হ’লে ভক্তসকলৰ কষ্ট ভালেখিনি লাঘৱ হ’ব বুলি ভৱা হৈছে।

মন্ত্ৰী গোৱেলে প্ৰকাশ কৰা মতে চাৰি ধাম সংযোগী ৰে’লপথৰ দৈৰ্ঘ্য হ’ব ৩২৭ কিলোমিটাৰ।

মুঠ চাৰিটা ৰে’লপথেৰে এই তীৰ্থস্থান কেইখনক সংযুক্ত কৰা হ’ব বুলি তেওঁ টুইটাৰত প্ৰকাশ কৰিছে।

এটা ৰে’লপথে গংগোত্ৰী আৰু যমুনোত্ৰীক সংযোগ কৰাৰ লগতে আন এটা ৰে’লপথে বদ্ৰীনাথ আৰু কেদাৰনাথক সংযোগ কৰিব।

ৰে’লপথ কেইটা ডেৰাদুন,পাউৰী,গাৰোৱাল,চামলি,ৰুদ্ৰপ্ৰয়াগ আৰু উত্তৰ কাশীৰ মাজেৰে পাৰ হৈ যাব বুলি ৰে’লমন্ত্ৰী গৰাকীয়ে টুইটাৰত  প্ৰকাশ কৰিছে।

 

Related News