NORTHEAST NOW (Assamese)
Popular Stories

বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ গুৱাহাটীৰ জনজীৱন! ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 28, 2025 4:54 pm

গণেশগুৰি-হাতীগাঁও, গণেশগুৰি-বেলতলা সংযোগী পথ বানৰ কৱলত পৰিছে। বানৰ ফলত ৰাস্তাতে আৱদ্ধ হৈ পৰিছে যান-বাহন। জি এছ ৰোড, এটি ৰোড, ভৱেন্দ্ৰ নাথ শইকীয়া পথ, হৰিদেৱ পথ, পণ্ডিত দীনদয়াল উপধ্যায় পথ, একে আজাদ ৰোড, একে দেৱ ৰোড, বি বৰুৱা ৰোড, মণিৰাম দেৱান পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে।

দুপৰীয়াৰ এজাক বৰষুণৰ পাছতে গুৱাহাটীত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। খানাপাৰা-জালুকবাৰী সংযোগী ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ পৰিস্থিতি।

বৰাগাঁও, বেহাৰবাৰী, নালাপাৰাত ভয়ংকৰ বানৰ সৃষ্টি হৈছে। বানৰ বাবে ৰাজপথত বিকল কেইবাখনো বাহন।

ৰাষ্ট্ৰীয় ঘাইপথতে বলেৰ, ইনভাকে ধৰি কেইবাখনো বাহন ডুব গৈছে বানত। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত একাঁঠু পৰ্যন্ত পানী। বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত হৈছে তীব্ৰ যান-জঁট।

এজাক বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথছোৱা। উল্লেখ্য যে, লখৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথত চলি আছে উৰণ সেতুৰ নিৰ্মাণ কাৰ্য।

বুধবাৰৰ পৰা বানত কৱলত থকা থকা ৰুক্মিণীগাঁৱত আজিৰ বৰষুণৰ পিছতে বৃদ্ধি পাইছে পানী। পাঞ্জাবাৰী, অনিল নগৰত বৃদ্ধি পাইছে পানী। মুঠতে গুৱাহাটীত পথ-উপপথত এতিয়া সাগৰ সদৃশ পৰিস্থিতি সৃষ্টি হৈছে।